গাঁৱৰ কুকুৰবোৰ কোনো এবৰ বিশেষ মানুহৰ আশ্ৰিত বা পালিত নহয় যদিও শোৱা ঠাইৰ কাৰণে কিন্তু সিহঁতে একোঘৰ মানুহ বাছি লয়। খাদ্যৰ সন্ধানত সিহঁতে প্ৰতিঘৰ মানুহৰ চুপাতনিয়ে চুৱাপাতনিয়ে ঘূৰি ফুৰে; কিন্তু শুবৰ সময়ত সিহঁত সদায় নিজৰ নিৰ্দিষ্ট ঠাইলৈ ঘূৰি আহে। —“ভলুকাৰ আশ্ৰয় হ’ল কমল দদাইহঁতৰ ভঁৰাল-ঘৰৰ তল; ‘বামুণীৰ আস্তানা হ’ল কেশৱ বাপুহঁতৰ ছাগলীঘৰৰ তল; গদাপাণিৰ সদৰ কাৰ্যালয় হ’ল হেবাঙৰ শোৱাঘৰৰ পিৰালিচুক—ইত্যাদি। দিনৰ দিনটো সিহঁতে নিজৰ ঘৰত’ পেট পেলাই শুই থাকে; কিন্তু গাঁৱৰ জীয়ৰী-বোৱাৰীয়ে দুপৰীয়া আৰু ৰাতি খোৱাৰ পিছত ঘৰৰ পিছফালে কঁহি-বাতি ধুবলৈ যোৱাৰ লগে লগেই সিহঁতৰ কুম্ভকৰ্ণ-নিদ্ৰা ভঙ্গ হয়। বতাহে কঢ়িয়াই অনা পেলনীয়া ভাত-মাছৰ গোন্ধ নাকত লগাৰ লগে লগে সিহঁতে প্ৰায় একেটা জাপতে আহি চুৱাপাতনিত উপস্থিত হয়। এনেকৈ দুঘৰ কি তিনিঘৰ মানুহৰ চুপাতনি ভ্ৰমণ কৰাৰ পিছতে একোটাহঁত কুকুৰৰ পেট গেৰগেৰিয়া হয়। তাৰ পিছত নিজৰ নিৰ্দিষ্ট ঠাইখনত গৈ শুই থকাৰ বাহিৰে সিহঁতৰ আৰু আন একো কাম নাথাকে। জাৰৰ দিনত সিহঁতে অৱশ্যে শুবৰ কাৰণেও আৰামৰ ঠাই বিচাৰি লয়। গাঁৱৰ জীয়ৰী-বোৱাৰীয়ে কাপোৰ ধুবৰ কাৰণে খাৰ কৰিবলৈ ঘৰৰ পদুলি- মুখত ধানখেৰ পোৰ; কেইঘণ্টামানৰ মূৰত ছাইখিনি আনিবলৈ গৈ দেখে যে ভলুকা বা বামুণীয়ে ফুটছাইৰ ওপৰত ফস্তি মাৰি শুই আছে। জাৰৰ বতৰত ফুটছাইৰ উমে সিহঁতৰ গাত এনেকৈ নিচা লগাই দিয়ে যে মাৰধৰ কৰিও সিহঁতক তাৰ পৰা উঠোৱা টান হৈ পৰে। গাঁৱৰ ভতুৱা কুকুৰজাক নিজৰ ভাগে নিজে থাকে, কোনেও সিহঁতলৈ নজৰ দিয়াৰ প্ৰয়োজন অনুভৱ নকৰে। কিন্তু কোনেও ক’ততা ভুলতে চকু নিদিয়া গাঁৱৰ বনৰীয়া হাবি-বনবোৰ হঠাৎ এদিন নোহোৱা হৈ গলে যেনেকৈ মানুহবোৰে কিবা এটা খালি খালি অনুভৱ কৰিব, ভতুৱা কুকুৰৰ জাকটো হঠাৎ নোহোৱা হৈ গলেও গাঁৱৰ জীৱনৰ কোনোবা এখিনি নিশ্চয় এটা বিৰাট শূন্যতাৰ সৃষ্টি হ'ব। ৩৫
পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৪৩
অৱয়ব