সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হোৱা শুনিলেই বাপুকণৰ মনলৈ আহে সেই অবিস্মৰণীয় পদ্যফাকি : ‘এটুৰা মাংস লৈ পৰম হৰিষ হৈ কাক আহি পৰিল ডালত.•••••। জ্ঞান হবৰ দিন ধৰি বাপুকণৰ ক্ষুদ্ৰ কিন্তু ৰহস্যময় জগতখনত শিয়ালে এক বিৰাট স্থান দখল কৰি আছে। গৰমৰ দিনত চোতালত পাটি পাৰি শুই বা বহি, জাৰৰ দিনত দপদপিয়া জুইৰ কাষত বহি, বুঢ়ীআইকে তাক বুকুৰ মাজত সুমুৱাই লৈ মূৰৰ চুলিত হাত বুলাই বুলাই যিবোৰ সাধুকথা কয়, সেইবোৰৰ বেছিভাগৰেই নায়কতে ধূৰ্ত নোম-টেঙৰ শিয়াল। ঈছপৰ উপকথা, হিতোপদেশ, পঞ্চতন্ত্ৰ—দেশ-বিদেশৰ যিমানবোেৰ বিখ্যাত গল্পৰ কিতাপ সি পঢ়িছে, সেই সকলোবোৰতে শিয়ালৰ মহতলিয়েই আন সকলোতকৈ বেছি। সাধুকথাৰ কিতাপত শিয়ালৰ লগত কথা পাতি পাতি বাপুকণৰ এনে এটা সজ হৈ গৈছে যে সঁজ লগাৰ সময়ত পথাৰৰ মাজেদি বা দোকমোকালিৰ সময়ত পিছফালৰ বাৰীয়েদি ভিৰাই লৰ মৰা শিয়াল দেখিলেই চিঞৰি চিঞৰি শিয়ালৰ জগঞ্জ দু-আষাৰ মান কথা পাতিবলৈ তাৰ মন যায়—ঠিক যেনেকৈ তাৰ কথা পাতিবলৈ মন যায় হেবাঙৰ লগত, ঘৰৰ হালোৱা মোহন ককাইৰ লগত আৰু গৰখীয়া বাহুবলীৰ লগত। সেয়েহে সঁজ লগাৰ লগে লগে ঘৰৰ পিছফালৰ বাঁহনিখনত যেতিয়া জাক শিয়ালে একেলগে হোৱা দি উঠে, তেতিয়া বাপুকণে অনুভৱ কৰে যে সিহঁতে যেন তাৰ উদ্দেশ্যেই সিহঁতৰ নিজৰ ভাষাৰে কিবা কথা কৈছে। সেই কাৰণে সুবিধা পালেই সিও সিহঁতক উদ্দেশ্য কৰি হোৱা দি উঠে। আচৰিত কথা, সি যিমানবাৰ হোৱা দি উঠে, শিয়ালবোৰেও সমানে পাল্লা দি তাৰ উত্তৰত সিমানবাৰ হোৱা দিয়েই থাকে। বাপুকণে এটা মধুৰ আনন্দ অনুভৱ কৰে। শিয়ালবোৰৰ উদ্দেশ্যে সি যি কব খুজিছে সিহঁতে নিশ্চয় বুজি পাইছে। শিয়ালৰ লগত বাপুকণৰ সম্বন্ধ অতি মধুৰ। কিন্তু কিছুদিনৰ আগতে সেই মধুৰ সম্বন্ধত এটা ডাঙৰ ফট মেলিছে। হেবাঙৰ নানা বিধ পশু- পক্ষী পোহাৰ চখ। চৰাইৰ ভিতৰত চুতিয়া-শালিকা, ভাটৌ, জন্তুৰ ভিতৰত বান্দৰ আৰু কুকুৰেই প্ৰধান। মাজতে সি এবাৰ এটা