টনা আজোৰাত মাজে মাজে খুটাটোৰ পৰা বাপুকণৰ হাতখন এই যায় হয়, কিন্তু পিছমুহূৰ্ততে দুগুণ জোৰেৰে সি খুটাটো আঁকোৱালি ধৰে। অৱশেষত হেবাঙৰ মাকে হাৰ মানিলে। উস, ফুকলিয়া ল'ৰাটোৰ গাত ইমান জোৰ, আমি মা-পো এহালে টানি তাক খুটাটোৰ পৰা এৰুৱাব নোৱাৰিলো। দেখাত চেৰেলা হলে কি হ’ব, সদায় ঘিউ-মৌ খোৱা ধনী মানুহৰ ল’বা, সেই কাৰণেই গাত ইমান জোৰ। চাং-তলব পৰা বাপুকণ ওলাই আহিব নোখোজাৰ কাৰণ হ'ল— ইতিমধ্যে তাৰ সমুখত এটা নতুন সমস্যাই দেখা দিছিল। গোটেই আবেলিটো ধৰি মাত্ৰ কেইমুহূৰ্তমানৰ আগলৈকে তাৰ একমাত্ৰ সমস্যা আছিল দেউতাকৰ হাতত শাস্তিৰ ভয়। কিন্তু দেউতাকে অভয়বাণী দি বিদায় লোৱাৰ লগে লগেই সেই সমস্যাৰ অন্ত পৰিল। পিছ মুহূৰ্ততে তাৰ ঠাই ললে এটা নতুন সমস্যাই—প্ৰকাণ্ড লাজে। দেউতাকৰ ভয়ত সি হেবাঙৰ মাকৰ চাঙৰ তলত আশ্ৰয় ললে হয়, কিন্তু ঠিক সেই মুহূৰ্ত পৰাই সি লাজত আধা-মৰা হবলৈ ধৰিলে। তাৰ মনত এনেভাব হবলৈ ধৰিলে যে হেবাঙ আৰু তাৰ মাকৰ আগত মুখ দেখুওৱাতকৈ মৰি যোৱা যেন বেছি ভাল! তাৰ মনত নিশ্চিত ধাৰণা হ’ল যে আৰু কোনো- কালেই সি হেবাঙৰ মুখৰ ফালে চকু তুলি চাব নোৱাৰিব। দুয়োটা কান-সমনীয়া বন্ধু হোৱা স্বত্বেও দুয়োৰে মাজত কিমান পাৰ্থক্য! হেবাঙ ইতিমধ্যেই ডাঙৰ মানুহৰ নিচিনা স্বাধীন হৈছে; সি নিজৰ ইচ্ছামতে যি খুচি তাকে কৰিব পাৰে, কথাই কথাই সি কাৰৰ ভয়ত আধা-মৰা হৈ থাকিবৰ প্ৰয়োজন নহয়। কিন্তু হেবাঙৰ তুলনাত সি এতিয়াও ইমান সৰু ল'ৰা হৈ আছে যে দেউতাকৰ ভয়ত সি হেবাঙৰ মাকৰ বিছনাৰ তলত আশ্ৰয় লব লগা হৈছে। সি আগতেও বহুতদিন ঘৰত মাকৰ বিছনাৰ তলত লুকাব লগা হৈছে, কিন্তু হেবাঙে সেই কথা কেতিয়াও জনা নাছিল। আজি তাৰ এনেকুৱাই দুৰ্ভাগ্য যে হেবাঙৰ ঘৰতেই সি চাং-তলত আশ্ৰয় লব লগা হোৱাৰ ফলত হেবাঙৰ আগত সি ধৰা পৰি গ’ল। ইয়াতকৈ ডাঙৰ লাজ আৰু অপমানৰ কথা কি হ'ব পাৰে সেইটো
পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৩৮
অৱয়ব