সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেউতাকৰ শান্ত মাতটো শুনি যদিওবা বাপুকণৰ ভয় কিছু ভাগিছিল, সি লুকাই থকা ঠাইডোখৰৰ সম্ভেদ বিচৰা শুনি আকৌ তাৰ মনলৈ গোটেইখিনি ভয় ঘূৰি আহিল। তাৰ মনত নিশ্চিত ধাৰণা হ’ল যে মাৰ- ধৰ নকৰৰ বুলি আশ্বাস দি দেউতাকে আচলতে তাক ধৰিবলৈ পাং পাতিছে; এবাৰ ধৰিব পাৰিলেই তাক ভালকৈয়ে এসেকা দিব। হঠাৎ তাৰ মনত এটা বুদ্ধি খেলালে। সি জানে যে তাৰ দেউতাকে বা আন যি কোনো বয়সীয়া মানুহে মাইকী মানুহ শোৱা বিছনাৰ তলত কেতিয়াও নোসোমায়। সি আন্ধাৰত হাত খেপিয়াই হেবাঙৰ মাকৰ বাঁহৰ চাংখন বিচাৰি উলিয়ালে আৰু তৎক্ষণাৎ চাঙৰ তললৈ সোমাই চুকৰ খুটা এটাত দুই হাতেৰে সাৱতি বহি পৰিল। হেবাঙৰ মাক হাতত চাকিটো লৈ শোৱনি কোঠালৈ সোমাই আহিল। অলপ পৰ ইফালে-সিফালে চাই তেওঁ প্ৰায় চিঞৰি উঠিল-- অ হেবাঙ, হেবাঙ, বাপুকণ জানো আমাৰ শোৱা-কোঠাত সোমোৱা নাছিল? এতিয়া দেখোন ল’ৰাটো নাই। আকৌ কৰবালৈ পলাল- নেকি? এনেতে বাপুকণৰ দেউতাকো আহি শোৱনী-কোঠাটোৰ দুৱাৰ মুখত ভৰি দিছে। তেওঁ মাত লগালে—নাই, সি কলৈকো পলোৱা নাই, মই তোমালোকৰ লগত চোতালত ঠিয় হৈ কথা পাতি থাকোতেও চকু-কাণ ঠিয় কৰি ৰাখিছিলো। তোমাৰ বিছনাৰ তখন চোৱাচোন। সি নিজে কিবা দোষ কৰিলে আনে খৰাগ নকৰিলেও মাক বা খুৰীয়েকহঁতৰ বিছনাৰ তলত সোমাই পলাই থকাৰ তাৰ এটা বদভ্যাস আছে। বাপুকণৰ দেউতাকৰ কথামতে হেবাঙৰ মাকে চাকিৰ পোৰ পেলাই বিছনাৰ তলখন এবাৰ চায়েই কনা-মুৱা মাতেৰে চিঞৰি উঠিল—“আই ঐ মোৰ সোণটো! ভয়তে ল'ৰাটো মাটিৰ লগত একেবাৰে মিলি গৈছে। দেউতা, আপোনালোক ডাঙৰ মানুহ হলেও মই ফটা মুখেৰে নকৈ নোৱাৰৰ—নিজৰ পেটৰ পো-জীয়ে মাক-বাপেকক এনেকৈ বাঘৰ দৰে ২৮