সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘৰৰ ভিতৰ সোমায়েই হেবাঙে ঠিয়ে ঠিয়ৈ মাকক কিবা এষাৰ কবলৈ মুখ মেলিব খুজিছিল মাত্ৰ, এনেতে বাহিৰৰ পৰা গল-খেকৰি মাৰি বাপুকণৰ দেউতাকে মাত লগালে—“অ' আই হেবাঙৰ মাক, ঘৰত আছানে? বাহিৰত বাপুকণৰ দেউতাকৰ মাত শুনা মাত্ৰেই একে সময়তে বাপুকণৰ মুখলৈ হেব আৰু মাকৰ চকু গ’ল। কলা কেৰাচিন তেলৰ চাকিত মলিন হালধীয়া পোহৰ সিহঁত দুয়ো স্পষ্টকৈ দেখা পালে —হঠাৎ বাঘৰ আগত পৰা মানুহৰ দৰে তাৰ মুখখন ত্ৰাসত বিকৃত হৈ পৰিল আৰু পিছ মুহূৰ্ততে সি একেটা জাপতে তেওঁলোকৰ চকুৰ আগৰ পৰা অদৃশ্য হৈ গ'ল। আচলতে বাপুকণ স’ ঠিয় হৈ আছিল ঠিক তাৰ সমুখতে ছিল হেবাঙৰ মাকৰ শোৱনি-কোঠাৰ মেল খাই থকা বাঁহৰ দুৱাৰখন। বাহিৰত দেউতাকৰ মাত শুনাৰ লগে লগেই সি একেটা জাপতে হেবাঙৰ মাকৰ শোৱনি-কোঠায় প্ৰবেশ কৰিলে আৰু আন্ধাৰত ঠিয় হৈ কিংকৰ্তব্যবিমূঢ় হৈ কঁপিবলৈ ধৰিলে। খন্তেক পিছতে বাহিৰৰ চোতালৰ পৰা দেউতাহঁতব কথাবাৰ্তা আহি বাপুকণৰ কাণত পৰিল। হেবাঙৰ মাকে ডাঙৰকৈ ফুচফুচাই বাপুকণৰ দেউকক কবলৈ ধৰিছে—“দেউতা, আপোনাৰ ভৰিত ধৰিছে, বেচেৰা বোপাইকণটো ভয়তে একেবাৰে আধাৰা হৈছে; ক খং-ৰাগ, মাৰ-পৰ একো নকৰিব দেউতা। ‘কোনে কৈছে তাক মৰিধৰ কৰিম বুলি? দেউতাকৰ মাতটো শুনি বাপুকণ অতি আচৰিত হ’ল, কাৰণ তেওঁৰ মাতত সঁচাকৈয়ে খংৰাগ একো নাই। শান্ত মাতেৰে দেউতাকে কবলৈ ধৰিলে—“ফুকলীয়া ল'ৰা এটা দিনৰ দিনটো ঘৰলৈ নাহিলে মাক-বাপেকে তাক বিচাৰিবই। হেবাঙৰ মাক, সি ক’ত লুকাই আছে মোক কোৱাচোন, তাক মই লৈ যাওঁ। মই তাৰ স্বভাবটো জানো নহয়। হাতত পায়ো এৰি থৈ গলে আজি ৰাতি আৰু সি ঘৰলৈ নাযায়, ভাত-পানীও নাখায়। ২৭