ওলাই আহি তেওঁৰ ওচৰতে বহি লৈ আবদাৰ ধৰে: ‘দেউতা, গৰমত ঘৰৰ ভিতৰত থাকিব নোৱাৰি। মই তোমাৰ ওচৰত ইয়াতে অলপ বহোনন? বাপুকণৰ দেউতাকে যদিও সাধাৰণতে কৰ্তব্যৰ পৰা চুলি এডালমান লৰচৰ কৰাও সহ্য নকৰে, কিন্তু বাপুকণে তেনেকৈ আবদাৰ ধৰা কোনো কোনো বিৰল মুহূৰ্তত তেওঁৰ মনটোও ভীষণ কুমলি যায়। নিজৰ কৰঙনটোকে গাৰু কৰি বাপুকণক শুৱাই লৈ তেওঁ তাক বিচি বিচি নানা গল্প কবলৈ ধৰে। কেতিয়াবা কিন্তু গল্পত বাপুকণৰ অকণো মন নবহে। দেউতাকৰ কোলাত মূৰ থৈ ওপৰলৈ মুখ কৰি শুই থাকোতে তাৰ চকুত পৰে ৰাতিৰ ৰহস্যময় বিশাল আকাশখন, অলেখ চাকিৰ দৰে আকাশ ভৰি থকা তোবোৰ, শুক্লপক্ষ হলে তিথি অনুসৰি বিচিত্ৰ আকাৰৰ জোনটো, কেতিয়াবা জোনৰ চাৰিওফালে মায়াময় মনোহৰ মৰল—বিৰাটৰ মুখামুখি হোৱ এনেবোৰ আশ্চৰ্য মুহূৰ্তত বাপুকণৰ অকণমানি মনটোত নানা আচৰিত প্ৰশ্নৰ উদয় হয়। দেউতাকে কৈ থকা ৰামায়ণ-মহাভাৰতৰ গল্পবোৰ সি হঠাৎ শুনিও নুশুনা হৈ যায়, নিজৰ ভাবত বিভোৰ হৈ পৰে, গল্পৰ সে-মাজতে দেউতাকক আচৰিত কৰি দি হঠাৎ সি প্ৰশ্ন কৰে? ‘দেউতা, আকাশখন বাৰু ক'ত শেষ হৈছে? কৈ থকা গল্পটোৰ পৰা বাপুকণৰ প্ৰশ্নটোলৈ আহিবলৈ দেউতাকৰ কিছু সময় লাগে। কিছু পৰৰ মূৰত তেওঁ উত্তৰ দিয়ে : ‘আকাশৰতত কোনো সীমা নাই। দেউতাকৰ উত্তৰটো বাপুকণে কিছু সময় চিন্তা কৰে, কিন্তু সি মুঠেই সন্তুষ্ট হ’ব নোৱাৰে। সি মনে মনে কল্পনা কৰে—অলেখ ৰাৰে ভৰি থকা এই আকাশখন বাৰু বহুত দূৰলৈকে বিয়পি আছে, কোটি কোটি মাইল দূৰলৈকে বিয়পি আছে; কিন্তু তাৰ সিপাৰত? তাৰ তাৰ সিপাৰত? অনন্তৰ সিপাৰৰ অনন্তৰ কল্পনাই তাক এনেভাবে বিস্মিত আকিত কৰি তোলে যে সি খন্তেকৰ কাৰণে সেই অনন্তৰ মাজত হেৰাই যায় ঠিক যেনেকৈ বিশাল বায়ুমণ্ডলৰ মাজত চকুৰে নমনা
পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/২৭
অৱয়ব