সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমগছত বগোৱা দেখিলে তেওঁ আজি তাক শুদাই নেবে। কিন্তু হলিবাৰীৰ ঢাপৰ গছ-গছনিবোৰৰ হেঙাৰ ফালি মুকলি কঠীয়াতলিখনত ভৰি দিয়েই তেওঁ যিটো দৃশ্য দেখিলে, মুহুৰ্ততে এটা সীমাহীন মমতাত তেওঁৰ অন্তৰখন পমি জোল হৈ গ'ল। শেগুনৰ নিচিনা কিবা এটা বস্তু বুকুৰ পৰা উজাই আহি তেওঁৰ ডিঙিটোত যেন সোপা মাৰি ধৰিলে। তেওঁ দেখিলে – বান্দৰৰ দৰে আমগছৰ ডালে ডালে বগাই উৎপাত কৰা বা খিকিলি কৰি কলি-আম খোৱা দূৰৰ কথা, আহাৰ-মহীয়া ভৰ- দুপৰৰ ব’দে-পোৰা সেই নিস্তব্ধ প্ৰহৰত দুটি অকণমানি ল'ৰাই ভীষণ আতংকিত হৈ পৰম্পৰৰ মুখলৈ চাই ঠিয় হৈ আছে,- সিহঁতৰ চাৰিও- কাষে সমস্ত জগত জুৰি এক বিশাল নিৰ্জনতা। তেওঁ হঠাৎ থমকি ৰৈ দৃশ্যটো চাবলৈ আৰু কিহেনো ল’ৰা দুটাক ইমান আতংকিত কৰিছে সেই কথা অনুমান কৰিবলৈ চেষ্টা কৰিলে। ঠিক সেই মুহূৰ্ততে তেওঁক চক খুৱাই দি বাপুকণ আৰু হেবাঙে বাঘৰ আগত পৰা হৰিণৰ দৰে জাপ মাৰি প্ৰাণৰ কাৰত দৌৰিবলৈ ধৰিলে। বাপুকণৰ দেউতাকৰ বুকুৰ পৰা এটা দীঘল হুমুনিয়াহ বাহিৰ হৈ আহিল। কি ভাবোতে কি হৈ গ'ল। এনেয়ে আতংকত আধা-মৰা হৈ থকা ল’বাদুটাক এতিয়া আকৌ ভূতৰ ওপৰত দানহৰ দৰে তেওঁৰ ভয়েও পালে। বাৰু যি হ’ল হ’ল; বাপুকণ ঘৰলৈ ঘূৰি অহাৰ পিছত আজি তেওঁ তাক একো খংৰাগ নকৰে, আনকি আজি ৰাতি তেওঁ তাক স্কুলৰ পাঠ পঢ়িবলৈকো জোৰ নকৰে। আজি গধুলি মুকলি আকাশৰ তলত তৰাৰ পোহৰত চোতালত পাটিত বহি তেওঁ এক মহাভাৰতৰ গল্প কৈ শুনাব। গৰমৰ দিনৰ মেঘ আৰু বৰষুণ নোহোৱা গধূলিবোৰত তেওঁ যেতিয়া হাতত বিচনী লৈ চোতালত পাটি পাৰি বহে, কেতিয়াবা তেওঁ নীৰৱে নানা কথা ভাবি- গুণি থাকে, কেতিয়াবা সুৰ লগাই কীৰ্ত্তন-দশমৰ পদ গাই থাকে, তেতিয়া হঠাৎ একদিন বাপুকণে স্কুলৰ পঢ়া-শুনা এৰি ভিতৰৰ পৰা ১৮