নিমখ-জলকীয়া সানে, তাৰ পিছত ভোজ খাবলৈ বহাৰ নিচিনাকৈ শাৰী পাতি বহা ল'ৰাবোৰৰ আগে আগে কলপাতত আম ভাগ কৰি দিয়ে। লৰি-চাপৰি আৰু আম পাৰি ঘৰ্মাক্ত হোৱা সিহঁতৰ দেহত হঠাৎ এজাক জুৰ বতাহ লাগেহি, গৰমৰ দিনত তৃষ্ণাৰ্ত জিভাত নিমখ-জলকীয়া সনা কেঁচা আমৰ সোৱাদ অমৃত যেন লাগে, আম গছৰ পাৰ আঁৰৰ পৰা কুলিয়ে লেনীয়া কোমল মাতেৰে কু-উ কু-উকৈ মাতি ৰ’দে-পোৰা নিস্তব্ধ দুপৰীয়াটোক হঠাৎ উদাস কৰি তোলে ল'ৰাকেইটাৰ দেহ-মন এটা অবৰ্ণনীয় সুখ আৰু আনন্দৰ অনুভুতিত শিহৰিত হৈ উঠে। গাৰ কঁপনিটো কিছু মাৰ যোৱাৰ পিছত বাপুকণে হেবাঙৰ চকুলৈ চাই নীৰব দৃষ্টিৰে সুধিলে কি কৰিবি এতিয়া?
- 811
বাপুকণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মুখ মেলিও হেবাঙ হঠাৎ ৰৈ গ'ল। মুহূৰ্ততে তাৰ মুখত এনে অদ্ভূৎ ভাবান্তৰ ঘটিল যে বাপুকণো বিস্ময়ত হতভম্ব হ'ল। তাৰ মনত নিশ্চিত ধাৰণা হ’ল যে হলিবাৰীৰ বিখ্যাত ভূতটোৱে সঁচাকৈয়ে আম গছ জোপাৰ পৰা নামি সিহঁতৰ ফালে এখোজ এখোজকৈ আগবাঢ়ি আহিছে। ভূতটো দেখিয়েই হেবাঙৰ মুখত এনে আতংকৰ ভাব ফুটি উঠিছে। সি দ্বিতীয়বাৰৰ কাৰণে হেবাঙক জোৰকৈ সাৱতি ধৰি তাৰ দৃষ্টি অনুসৰণ কৰি ধীৰে ধীৰে মূৰটো ঘূৰাই পিছলৈ চালে। মুহূৰ্ততে তাৰ মুখেদি এটা অস্ফুট আৰ্তনাদ বাহিৰ হৈ আহিল। পিছ মুহূৰ্ততে সি দিক-বিদিক জ্ঞান হেৰুৱাই প্ৰাণ টাকি দৌৰিবলৈ ধৰিলে। ইমান পৰে স্বৰগ পৰা মানুহৰ দৰে ঠিয় হৈ থকা হেবাঙেও হঠাৎ চেতনা ঘূৰাই পোৱা মানুহৰ দৰে সচকিত হৈ বাপুকণৰ পিছে পিছে দৌৰিবলৈ ধৰিলে। আচলতে যাক দেখি সিহঁত দুয়োৰে জীউ যোৱাৰ নিচিনা অৱস্থা ১৬