ৰাইজে কোনোপধ্যেই হলিৰামক সৈমান কৰিব নোৱাৰি তেওঁক এঘৰীয়া কৰিলে। বছৰৰ পিছত বছৰ বাগৰি গ'ল, কিন্তু হলিৰাম নিজৰ জেদত অচল-অটল হৈ থাকিল। কোনেও তেওঁৰ ঘৰত ভৰি দিবলৈ নাহে, তেৱো কাৰৰ ঘৰলৈ নাযায়। এনেতে এবাৰ সেই অঞ্চলটোত হাইজা মহামাৰীয়ে দেখা দিলে। প্ৰায় প্ৰতিটো ঘৰতে এটা-দুটাকৈ মানুহ মৰিল। হলিৰামৰ পাঁচটা ল'ৰা-ছোৱালী আছিল, চৌব্বিশ ঘণ্টাৰ ভিতৰত অগাপিছাকৈ আটাইকেইটা ল'ৰা-ছোৱালী হাইজাত মৰিল। হলিমে ইমানতে গাঁৱৰ ৰাইজৰ ওচৰত সেও নামানিলে বা কাকো খবৰ নিদিলে। তেওঁৰ নিজৰ বাৰীখনৰ এচুকত নিজে অকলে গাত খালি এটা এটাকৈ ল'ৰা-ছোৱালীকেইটা নি পুৰি পেলালে। তাতে কেইদিন- মানৰ পিছত হলিৰামৰ ঘৈণীয়েকে বাৰীৰ পিছফালে বাহিৰ ফুৰিবলৈ গৈ এটা দৃশ্য দেখিলে। গাঁ কেইটা বোধহয় যথেষ্ট দকৈ খন্দা হোৱা নাছিল, কেইটামান শিয়ালে এটা নে দুটা মৰাশ খালি উলিয়াই তাতে ভোজ খাবলৈ বহিছে। হলিৰামৰ ঘৈণীয়েক আৰু ঘৰলৈ ঘূৰি নাহিল। গাৰ ৰিহাখনকে চিপজৰী কৰি গছ এজোপাৰ পৰা উলমি তেওঁ ঠাইতে আপোন-ঘাতী হল। ঠিক সেইদিনাখনেই হলিবামো তেওঁৰ ঘৰৰ পৰা নোহোৱা হ'ল। মানুহজন মৰিলেই নে দেশান্তৰী হ'ল কোনেও একো কব নোৱাৰিলে। বতাহত মিলি হোৱাৰ দৰে মানুহজন অদৃশ্য হৈ গল। ঘটনাটো জনাজনি হবলৈ বেছি সময় নালাগিল। গোটেই কথা বোৰ জনাৰ পাছত গাঁৱৰ মানুহে হায় হায় কৰিবলৈ ধৰিলে। মানুহঘৰৰ প্ৰতি ইমান নিমৰমিয়াল ব্যৱহাৰ কৰাৰ কাৰণে বহুতে অনুতাপো কৰিবলৈ ধৰিলে। কিন্তু দুদিনমানৰ ভিতৰতে সেই অনুতাপৰ ঠাই ললে ভয়ে। এদিন মাজৰাতি গাৱৰ কোনো কোনো মানুহে আচম্বিতে সাৰ পাই উঠি শুনিবলৈ পালে কোনোবা তিৰোতই যেন বুকু ভাঙি ৰাউচি জুৰি কান্দিব ধৰিছে আৰু বতাহে সেই কান্দোনৰ শৰ চাৰিওফালে ছতিয়াই দিছে। কিলাকুটিত ভৰ দি মূৰ তুলি তেওঁলোকে কান্দোনৰ শব্দটো
পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/২০
অৱয়ব