সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভূলুণ্ঠিত হৈ পৰি আছে, অজস্ৰ শিপাৰে সৈতে তাৰ প্ৰকাণ্ড গুৰিটোৱে কৰুণ আৰু অসহায়ভাৱে আকাশৰ ফালে নিজকে ডাঙি ধৰিছে। গছ-গছনিয়ে এতিয়াও চাৰিওফালে মূৰ তুলি ঠিয় দি আছে, কিন্তু এজোপা মাত্ৰ বৰগছ ধুমুহাত বাগৰি পৰাৰ লগে লগে সমস্ত আকাশ আৰু পৃথিৱী জুৰি যি বিপুল শূন্যতাৰ সৃষ্টি হ’ল তাক যেন আন একোৱেই পূৰাব নোৱাৰে। বাপুকণে যেতিয়াই দেউতাকৰ মৃত্যুৰ কথা চিন্তা কৰে, তেতিয়াই ধুমুহাই মাটিত বগৰাই পেলোৱা সেই বিশাল বৰগছজোপাৰ ছবি তাৰ মনলৈ আহে। হেবাঙে ক'লে—“ঐ বাপুকণ, ভাগৰ পলালনে? যাওঁ বল। বাপুকণ আৰু হেবাঙে গৈ হলিবাৰীৰ আম গছজোপাৰ তলত ভৰি দিছেগৈ মাত্ৰ, এনেতে গছজোপাৰ ওপৰৰ পৰা খৰখৰ কৰি কিবা এটা বস্তু নামি অহাৰ শব্দ শুনা গ'ল। খুব সম্ভব গছজোপাৰ শুকান ঠেঙুলি এটাত চৰাই এটা আহি পৰিছিলহি, ফলত ঠেঙুলিটো ভাগি সশব্দে তললৈ সৰি পৰিল আৰু চৰাইটোৱেও উচপ খাই উৰা মাৰিলে। কিন্তু শব্দটো শুনা মাত্ৰে বাপুকণ আৰু হেবা দুয়োয় ভীষণভাৱে চক খাই ইটোৱে সিটোক সাৱতি ধৰি ঠকঠককৈ কঁপিবলৈ ধৰিলে। সিহঁতৰ বুকুৱে ধান বনাৰ শব্দ দুয়ো স্পষ্টকৈ শুনিবলৈ পালে। সিহঁতে এনেকৈ ভয় খোৱাৰ যথেষ্ট কাৰণ আছিল। হলিবাৰীৰ এক প্ৰাচীন বুৰঞ্জী আছে। পুৰুষানুক্ৰমে চলি অহা কাহিনী অনুসৰি বহুবছৰৰ আগতে তাত বোলে হলিৰাম নামৰ এজন মানুহৰ ঘৰ-বাৰী আছিল মানুহজন বৰ একা-চেকা বিধৰ আছিল। এবাৰ কিবা কথাত গাঁৱৰ ৰাইজৰ লগত তেওঁৰ খকা-খুন্দা লাগিল। | ১১