ঠিক যে কোনো মানুহেই আকৌ ঘূৰি নাহে। বাপুকণে আজি-কালি প্ৰায়েই ভাবে—‘মোৰ আই আৰু দেউতা যদি মৰি যায়, তেতিয়া মোৰ কি হ'ব? জাৰৰ ৰাতি দেউতাকৰ বুকুৰ মাজত কুচি-মুচি শুই থাকি সি মাজে মাজে ভাবে—‘দেউতা মৰি গ'লে মই কাৰ বুকুৰ মাজত এনেকৈ শুম? গৰমৰ দিনত যেতিয়া মাকে বিচনীৰে বিচি বিচি, পিঠিৰ ঘামচি ভাঙি ভাঙি, আৰু কৰুণ শুৱলা মাতেৰে নাম-গুণ গাই গাই তাক আৰাম দিবলৈ চেষ্টা কৰে, বাপুকণে হঠাৎ একোবাৰ তাৰ অকণমানি বুকুখন মোচৰ খাই উঠা যেন অনুভৱ কৰে; আতংকিত হৈ সি নিজকে প্ৰশ্ন কৰে--- “আই মৰি গলে কোনে এনেকৈ মোক মৰম কৰিব? কিমান দিন কিমান ৰাতি যে সেই দহবছৰীয়া ল'ৰাটোৱে মাক-দেউতাকৰ মৃত্যুৰ কথা চিন্তা কৰি কৰি অকলে অকলে বিষাদত আৰু আতংকঃ আধামৰ। হৈ থাকে, সেই কথা জানো মাক-দেউকে কল্পনা কৰিব পাৰে? সি যি কি নহওক, ঠিক সেই মুহূৰ্তত বাপুকণৰ মনলৈ অন্য এটা চিন্তা আহিল। সি যেতিয়াই দেউতাকৰ মৃত্যুৰ কথা চিন্তা কৰে, তেতিয়াই তাৰ মনলৈ আহে সিহঁতৰ স্কুল কম্পাউণ্ডৰ এচুকত থকা বিৰাট বৰগছ জোপাৰ কথা। সেই বৰ গছজোপা আছিল অজস্ৰ লতা-গুল্ম, কীট-পতঙ্গ আৰু চৰাই-চিৰিকতিৰ আশ্ৰয়স্থল। বৰগছজোপাৰ তলত বহি স্কুলৰ তলৰ শ্ৰেণীৰ ল’বাবোৰে নেওয়া মুখস্থ কৰিছিল। ল’ৰাববাৰে যেতিয়া ফুলনিত কাম কৰে, তেতিয়া শিক্ষকসকলে বৰ গছজোপাৰ ছাত বহি বহি নানা গল্প কৰিছিল। বাপুকণৰ মনত এনে এটা ধাৰণা বদ্ধমূল হৈ গৈছিল যে পৃথিৱীৰ আৰম্ভণিৰ দিনৰে পৰা সেই বৰগছজোপা আছে আৰু চিৰকাল সি একেঠাইতে সগৰ্বে ঠিয় হৈ থাকিব। এদিন ৰাতি ডাঙৰ ধুমুহা হৈছিল। গাঁৱৰ প্ৰায় প্ৰতিঘৰ মানুহৰে বাৰীৰ কল-তমোল- অমিতা আদি গছবোৰ ধুমুহাত ভাগিল। সেইটো একো আচৰিত কথা নহয়। ধুমুহা হলে গছ ভাগেই। কিন্তু পিছদিনা বাপুকণে স্কুললৈ গৈ যিটো দৃশ্য দেখিলে, সি তাৰ মনত চিৰকালৰ কাৰণে এটা মচিব নোৱাৰা দাগ বহুৱালে। সেই বিশাল সুন্দৰ শক্তিমান বৰগছজোপা ধুমুহাত
পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১৮
অৱয়ব