- চকু মুদি দীঘল দীঘলকৈ উশাহ লৈ সৰ্বশৰীৰত সেই শীতল ছাৰ সুধা- স্পৰ্শ অনুভৱ কৰিবলৈ ধৰিলে। আঃ কি আৰাম! কি আৰাম! ৰ’দত খোজ কাঢ়ি বা লৰি-চাপৰি আহি গছৰ সুশীতল ছাত ঠিয় হবলৈ কি আৰাম! গৰমৰ দিনত আবেলি পৰত পথাৰত ৰবাব টেঙাৰ ফুটবল খেলি ঘৰ্মাক্ত হৈ গধূলি পৰত মহঘুলি নৈৰ বুকুত জপিয়াই পৰিবলৈ কি আৰাম! তৰা-ভৰা মুকলি আকাশৰ তলত চোতালত পাটি পাৰি শুই শুই আইৰ মুখত সাধুকথা শুনিবলৈ কি আৰাম! মধুৰ আৰামত তন্দ্ৰাচ্ছন্ন হৈ বাপুকণে আৰু বহুবিধ আৰামৰ বিষয়ে স্বপ্ন দেখিবলৈ আৰম্ভ কৰিছিল, এনেতে হেবাঙে না লগাই তাৰ স্বপ্নবেশ ভাঙি দিলে -ঐ বাপুকণ, পৃথিৱীত গছ-গছনি নোহোৱা হ'লে বাৰু কি হ'লহেতেন কচোন। ‘কি হ'লহেতেন আৰু? আমি এনেকৈ ৰ'দত ঘামি-জামি আহি ছা লবলৈ নাপালোহেতেন। কথাষাৰ বাপুকণে ধেমালীৰ চলেৰে কলে যদিও তাৰ মনৰ অৱস্থা কিন্তু আছিল সম্পূৰ্ণ বেলেগ। সি মেলেৰিয়া জ্বৰত পৰি থাকোতে মাকে ওচৰতে বহিব গায়ে-মুখে আলফুলকৈ হাত বুলাই থাকিলে সি মাকৰ প্ৰতি যেনেকৈ এটা গভীৰ নবম-সনা কৃতজ্ঞ তা অনুভৱ কৰে, ঠিক এই মুহৰ্তত শীতল ছা দিয়া গছবোৰৰ প্ৰতিও সি ঠিক তেনেকুৱা এটা কৃতজ্ঞতাই অনুভৱ কৰিছে। কিন্তু কেৱল এতিয়া বুলিয়েই নহয়, সকলে সময়তে সি গছবোৰক কেৱল গছ বুলি নাভাবে; কোনো কোনোবোৰ গছ হেবাঙৰ নিচিনাকৈ তাৰ খেলৰ লগৰীয়া, কোনো কোনোবোৰ গছ তাৰ মাকৰ নিচিনাকৈ চেনেহৰ থোক, আৰু কোনো কোনোবোৰ গছ হঠাতে তাৰ এটা কথা মনত পৰি গ'ল। মৃত্যু কি বস্তু সি আজি কালি ভালকৈ বুজি পোৱা হৈছে। মৰাৰ পিছত পাপ-পূণ্য অনুসৰি কোনোবা মানুহ স্বৰ্গ লৈ যায়, কোনোবা যায় নৰকলৈ; কিন্তু এটা কথা ৯
পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১৭
অৱয়ব