সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বাধীনতা সমস্ত জগতে শুনাকৈ ঘোষণা কৰিব নোৱাৰালৈকে তাৰ যেন শান্তি নাই। অভিনব আনন্দ আৰু উত্তেজনাৰ মাজেদি দিনটো পাৰ হৈ যায়। আজি তাৰ ইচ্ছাক পদে পদে বাধা দিবলৈ বা কথাই কথাই ধমক দিবলৈ বৰত দেউতাক নাছিল; আজি এটা গোপন ভয়ে পোকৰ দৰে তাৰ বুকুৰ মাজত বাঁহ বান্ধি থকা নাছিল। আজি সি যি খুচি তাকে কৰি ঘূৰি ফুৰিছিল। মাকে অৱশ্যে ‘দেউতাৰ আহিলে কৈ দিম ৰ' বুলি মাজে নাজে ভয় দেখুৱাই আছিল; কিন্তু মাকৰ মুখৰ কথাই সাৰ, কামত একো নাই। বাপুকণৰ আৰু এটা কথা ভাবি ভাল লাগি আছিল যে এনেকুৱা সুখ আৰু স্বাধীনতাৰ দিন আৰু কেইবাটাও আছে। কিন্তু গধূলি হৈ অহাৰ লগে লগে সি অনুভৱ কৰিবলৈ ধৰে যে তাৰ মনটো কেনেবা- কেনেবা কৰিছে। কাৰণটো সি বুজি নাপায়। ৰাতি ভাত খাবলৈ বহি সি অনুভৱ কৰে যে ঘৰখনত এটা বিৰাট শূন্যতা বিৰাজ কৰিছে। হঠাৎ সি কব নোৱাৰাকৈয়ে তাৰ চকু যায় দেউতাকে যিখিনি ঠাইত বহি ভাত খায় সেই ঠাইখিনিলৈ। আজি সেই ঠাইখিনি শূন্য। খন্তেকৰ কাৰণে ভাত গিলিবলৈ পাহৰি সি অন্যমনস্ক হৈ যায়। গোটেই পৃথিৱীখন তাৰ নিমাও-মাও যেন লাগি যায়। অলপ পিছত তাৰ কাৰণটো সি বুজি পায়। দেউতাকৰ চিৰ-পৰিচিত গলগলিয়া মাতটোৱে আজি পৃথিৱীখন ৰজনজনাই থকা নাই। হঠাৎ মাকক প্ৰশ্ন কৰে : আই, দেউতা কেতিয়া ঘূৰি আহিব? দেউতাকৰ প্ৰতি খঙত অলি-পকি থকা বাপুকণৰ মনটো হঠাৎ মমত গলিবলৈ আৰম্ভ কৰিছিল, এনেতে দেউতাকৰ নাক-বজাৰ শব্দ আহি তাৰ কাণত পৰিল। হাততলাৰে ভৰিত-সাৰে সি গোহালিৰ ফালে খোজ ললে। মাকে ইতিমধ্যে শুবলৈ বুলি ভিতৰলৈ গৈছিল, গতিকে এক কোনে দেখা নাপালে।