সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰা বিদায় লৈ সি পদুলিৰ ফালে আগবাঢ়ি গ'ল। অলপ দূৰ গৈ লি থমকি ৰ'ল। পদুলিলৈ ওলোৱা বাটৰ দুয়োকাষৰ তামোল গছবোৰৰ পৰা টপ টপ শব্দ কৰি নিয়ৰৰ টোপালবোৰ পৰিছে। পুৱতি নিশা বিছনাত শুই থাকোতে ঘৰৰ চালত সি যেতিয়া এই নিয়ৰ পৰাৰ শৰ শুনিবলৈ পায়, তেতিয়া আনন্দ-বিষাদৰ অতীতৰ কিবা এটা অচিনাকি আবেগে তাৰ বুকুৰ মাজত তোলপাৰ লগায়। কিছুপৰ সেই শব্দটো শুনি শুনি সি নিজকে ক'লে—তামোল গছৰ পৰা নিয়ৰ পৰাৰ শব্দ মই আৰু বোধহয় জীৱনত কেতিয়াও শুনিবলৈ নাপাম। আৰু অলপ আগবাঢ়ি গৈ সি গোহালি-মুখত থমকি ৰ'ল। বতাহত গৰুৰবোৰৰ গাৰ চিনাকি গোন্ধ আৰু উশাহ-নিশাহৰ শব্দ ভাহি আহি তাৰ নাকত লাগিল। এই গৰুবোৰ আছিল তাৰ শৈশৱৰ আটাইতকৈ মৰমৰ লগৰীয়া। সিহঁতৰ পিছে পিছে চাপৰিত ঘূৰি ফুৰোতে সি প্ৰকৃতিৰ কিমান বিচিত্ৰ সৌন্দৰ্য আৰু ৰহস্য আৱিষ্কাৰ কৰিছে। আবেলি পৰত গৰু বিচাৰিবলৈ পথাৰলৈ গৈয়েইতো সি আৱিষ্কাৰ কৰিছে চৰাইৰ সৰা পাখিয়ে বুকুৰ মাজত কেনে কোমল কাৰুণ্য জগায়; মাৰ যাব ধৰা বেলিয়ে ৰক্তৰঞ্জিত কৰা আকাশ- ধনে হৃদয়ৰ মাজত কি অপৰূপ মত্ততা সৃষ্টি কৰে; গৰখীয়াৰ পেঁপাৰ মাত আৰু বনগীতে এটি বাৰবছৰীয়া সৰু লৰাৰ কাণতো কেনেকৈ যৌৱনৰ আগলি বতৰা ঢালি থৈ যায়; নিয়ৰে সেমেকাই পেলোৱা পথাৰখনত জোনাক উপছি পৰিলে কেনেকৈ জীৱন-মৰণৰ সীমা পাৰ হৈ ক'ৰবালৈ গুছি যাবলৈ মন যায়; পথাৰ এৰাৰ আগতে গাই গৰুবোৰৰ হেলেনি শুনিলে কেনেকৈ অপৰূপ বাৎসল্যৰ অনুভূতিত বুকুখন গলি যাব খোজে। বিক্ৰমে গোহালিলৈ সোমাই গৈ প্ৰক্যেতটো গৰুৰে ডিঙিত সাৱতি মৰম কৰি অৰূদ্ধ কণ্ঠেৰে সিহঁতৰ পৰা বিদায় ল'লে। তাৰ পিছত সি নৈ-ঘাটৰ ফালে আগবাঢ়িল। বাটৰ দুয়োকাৰৰ প্ৰত্যেকজোপা পচতীয়া, হোৰা, বোৱাল, বহঁত, এজাৰ, নিম, বাহ, শিমুল, কচু, টেকিয়া আৰু নাম নজনা অনেক ঘাঁহ-বনৰ ফালে চাই চাই সি কলেজ্ঞান হ'বৰ দিন ধৰি তোমালোক আছিলা মোৰ প্ৰাণৰ সঙ্গী। পৃথিৱীখনতো সদায় সলনি হৈ ১২৪