সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেউতাক হঠাৎ গম্ভীৰ হৈ গ'ল। বিক্ৰম অলপ আচৰিত হ'ল। দুলাল আলোচনীৰ সম্পাদক হোৱাৰ কাৰণে দেউতাকে বেয়া পাইছে নেকি? কিন্তু বিক্ৰমক বেছি সময় কৌতুহলত নাৰাখি দেউতাকে ক'লে —“তোক এটা কথা কওঁ বুলি ভাবি ক’বলৈ সুযোগেই পোৱা নাই। পিছে আজি বোধহয় নকলেই নহয়। ভয়ত বিক্ৰমৰ বুকুখন ঢিপঢিপাবলৈ ধৰিলে। দেউতাকে ক’বলৈ ধৰিলে—“আৰু দুমাহৰ পিছতে তহঁতৰ ছাত্ৰবৃত্তি ফাইনেল পৰীক্ষা। তাৰ পিছত তই হাইস্কুলত নাম লগাব লাগিব। তোৰ কিন্তু গাঁৱৰ হাইস্কুলত পঢ়া নহ'ব। স্কুলখন এতিয়াও ঠন ধৰি উঠা নাই। এজন মাত্ৰ বি. এ. পাছ মাষ্টৰৰে এখন হাইস্কুল চলি আছে। মই তোক টাউন হাইস্কুললৈ পঠোৱাৰ কথা ভাবিছো। হোষ্টেলত থাকি পঢ়িব লাগিব। এই অপ্ৰত্যাশিত সৌভাগ্যৰ সংবাদ শুনি আনন্দত বিক্ৰমৰ জপিয়াই উঠিবলৈ মন গ'ল। তাৰ গোটেই গা থৰথৰকৈ কঁপিবলৈ ধৰিলে। এই অভাবনীয় আনন্দৰ খবৰটো কাৰোবা নিদিয়ালৈকে তাৰ শান্তি নাই। বায়েকহঁতকেই কথাটো চিঞৰি চিঞৰি ক’বলৈ তাৰ মন গল। কিন্তু সি উঠিব খোজাতেই দেউতাকে আকৌ মাত লগালে—বহু, আৰু কথা আছে। দুলালো টাউন হাইস্কুলত পঢ়িবলৈ যাব। তাৰ দেউতাকৰ লগত মোৰ কথা হৈছে।•••এতিয়া যা। হাত-ভৰি ধুই পঢ়িবলৈ বহগৈ। বৃত্তি পাব লাগিব। কিন্তু যিটো ক'ব খুজিছিলো—আৰু মাত্ৰ দুমাহৰ পিছতেই দুলাল আৰু তই দুয়ো যেতিয়া গাঁও এৰি টাউন হাইস্কুললৈ যাবিয়েই—এনে অৱস্থাত তহঁতে সংঘ বা আলোচনীৰ সম্পাদক হোৱাটো উচিত হ’ব জানো? মই কওঁ শুন। তহঁত দুয়ে উপদেষ্টা হৈ থাকি মান কাৰোবাৰু এতিয়াৰ পৰাই ট্ৰেনিং দে। নহলে তহঁত দুটাই কৰি থৈ যোৱা ইমানবোৰ ভাল কাম অযোগ্যৰ হাতত পৰি সমূলি ধবংস সেইদিনা গোটেই ৰাতি বিক্ৰমৰ টোপনি নাহিল। এম এটা ১২১