সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভিতৰলৈ চকুৰ পলকটো পেলোৱাৰ সমান বাটো নহয়, কিন্তু সেই মুহূৰ্ত টোৰ ভিতৰতে বিক্ৰমৰ জীৱনত এনে এটা অভিনব আৰু আশ্চৰ্য ঘটনা ঘটি গ'ল যে সি ধুমুহাত কঁপা গছৰ দৰে কঁপিবলৈ ধৰিলে। চকুৰ পচাৰতে ৰেণু বিক্ৰমৰ দৃষ্টিৰ সমুখৰ পৰা নোহোৱা হৈ গ'ল, কিন্তু তাই তাৰ দৃষ্টিৰ সন্মুখত ৰাখি গ'ল ৰামধনুৰ আটাইকেইটা ৰঙৰ বিচিত্ৰ খেলা। তাৰ দৃষ্টিৰ সন্মুখত পৃথিৱীখনে মুহূৰ্তে মুহূৰ্তে বৰণ সাবলৈ ধৰিলে আৰু এটা মধুৰ সংগীৰ ঐকতান দশোদিশে প্ৰতিধ্বনিত হ’বলৈ ধৰিলে। সেই অপৰূপ ৰঙৰ সমুদ্ৰৰ জোৱাৰে বিক্ৰমক কোলাত লৈ কেইটামান অন্তহীন মুহূৰ্ত নচুৱাবলৈ ধৰিলে। কিছুসময়ৰ পিছত পৃথিৱীলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিল। কিন্তু এইবাৰ বিক্ৰমে তাৰ বুকুৰ মাজত এটা অদ্ভুৎ যন্ত্ৰণা অনুভৱ কৰিবলৈ ধৰিলে। কোনো শাৰীৰিক যন্ত্ৰণাৰ লগত তাৰ তুলনা নহয়। এনে ধৰণৰ যন্ত্ৰণাৰ লগত ইয়াৰ আগতে তাৰ কোনোদিনেই পৰিচয় নাছিল। আনকি যন্ত্ৰণাটো তীব্ৰ আনন্দৰ নে গভীৰ বিষাদৰ-সেই বিষয়েও সি কোনো স্পষ্ট ধাৰণা কৰিব নোৱাৰিলে। কেৱল তাৰ অনুভৱ হ’বলৈ ধৰিলে যে সঁজৰ আকাশৰ প্ৰথম তৰাটোৱে যেনেকৈ তাক অন্তহীন সুদূৰলৈ নিমন্ত্ৰণ কৰে, ঠিক তেনেকৈ আজিও যেন তাক কোনোবাই নিমন্ত্ৰণ কৰিছে; পুৱতিৰ আকাশত অকলশৰীয়া ভোটাতৰাটো দেখিলে যেনেকৈ নামহীন আবেগত চকুপানী ওলাব খোজ, ঠিক তেনেকৈ তাৰ যেন এতিয়া চকুপানী ওলাৰ খুজিছে; বহু দূৰৰ পৰা ভাহি অহা গৰখীয়াৰ পেপাৰ মাত শুনিলে যেনেকৈ ভিৰত এটা অৰ্থহীন তোলপাৰ লাগি যায়, ঠিক তেনেকৈ তাৰ বুকুৰ ভিতৰত প্ৰচণ্ড তোলপাৰ লাগিব ধৰিছে; সজল বতাহত ভাহি অহা বনফুলৰ সুবাস নাকত লাগিলে যেনেকৈ নামহীন ৰূপহীন কি এটাৰ সন্ধানত মনটো উধাও হ’ব খোজে, ঠিক তেনেকৈ এই মুহূৰ্ত ভাৰ মনটো উধাও হৈ যাৰ খুজিছে। কি অপৰূপ এই বেদনা—যাৰ বিনিময়ত জগতৰ সমস্ত আনন্দ অকাতৰে বিসৰ্জন দিব পাৰি। সেইদিনাই ৰাতি সি পঢ়াৰ টেবুলত বহি পাঠ্য-কিতাপ পঢ়াৰ পৰিৱৰ্তে ১১৭