সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সামান্য কথাটো বুজিবলৈ তেওঁৰ ক্ষমতা নাইনে যে যি সময়ত গছত শীতল হাত বহি গাত জুৰ বতাহ লৈ সমনীয়াৰ লগত কেহেলি-কেন্দেলি কৰি নিমখ-জলকীয়া সানি কেঁচা আম খোৱাৰ স্বপ্নই তাক বিভোৰ কৰি ৰাখিছে, সেই সময়ত তাৰ মূৰত ত্ৰৈশিকৰ অংক সোমাব পৰাটো কোনো- পধ্যেই সম্ভব নহয়? দেউতা কি উপজোতেই বুঢ়া হৈ উপজিছিল? তেওঁ কি কোনোদিন বাপুকণৰ নিচিনা এটা দহবছৰীয়া সৰু লৰা নাছিল? গৰমৰ বন্ধত হাবিয়ে-বননিয়ে অনাই-বনাই আম-কঠাল-জাম- জটেঙা বিচাৰি ফুৰাৰ নিচাই এদিনৰ কাৰণেও তেওঁক পাগল কৰিব পৰা নাছিল? কথাবোৰ ভাবতে ভাবোতে এটা সময়ত বাপুকণৰ নিজৰ মগজ- টোৱেই সঁচাকৈ পাগল হৈ গ'ল। এটা অংকও কৰি শেষ হোৱা নাই, এতেকে দেউতাকৰ হাতত শাস্তি অনিবাৰ্য। আনহাতে হেবাঙে মাতিবলৈ আহিলে সি আম খাবলৈ যাবই। তেতিয়াও শাস্তি অনিবাৰ্য। কোনো ফালেই ৰক্ষা নাই। তেন্তে উপায়? একমাত্ৰ উপায় --কেনেবাকৈ দেউতাক যদি পৃথিৱীৰ পৰা সমূলি নোহোৱা হৈ গ'লহেনে। কিন্তু সেইটো কেনেকৈ সম্ভব? বাপুকণে তাৰ দহবছৰীয়া মনটোৰে বুজি পায় যে একমাত্ৰ মৰিলেহে মানুহ চিৰকালৰ কাৰণে পৃথিৱীৰ পৰা নোহোৱা হৈ যাব পাৰে। হেবাঙৰ দেউতাক কেয়াবাই মৰিল। নোমলৰ দেউতাকো মৰিল। হেবাঙ আৰু নোমলে সেই কাৰণে যেতিয়াই যি ইচ্ছা তাকে কৰি ঘূৰি ফুৰিব পাৰে। কোনেও সিহঁতক একো নকয়। আনকি যোৱা বছৰ হেবাঙে স্কুলে এৰি দিলে। মাকে নক দুদিনমান বকাবকি কৰিছিল। কিন্তু মাকৰ কথা সি গ্ৰাহই নকষে। বাপুকণৰ দেউতাকো যদি মৰি যায়, তেন্তে সিও হেবাঙ আৰু নোমলৰ নিচিনাকৈ স্বাধীন হ'ব? সেই স্বাধীনতাৰ কল্পনাত বাপুকণ কেইমুহুৰ্তমান তন্ময় হৈ ৰ'ল। এনেতে হঠাৎ এবাৰ তাৰ গোটই গাটো জিকাৰ খাই উঠিল। সি ইমান পৰে কি কৰিছে? দেউতাকৰ মৰণ কামনা কৰিছে? হে ভগৱান! হে ৪