সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মুখখন পেলাই আৰু মূৰটো নানাভঙ্গীৰে ঘূৰাই-পাই কিতাপখনৰ নামটো পঢ়িবলৈ চেষ্টা কৰিলে। আন সকলো কথা সি সমূলি পাহৰি গ'ল। অৱশেষত ভাগ্য তাৰ প্ৰতি প্ৰসন্ন হল। শিক্ষকজনে ককালটো পোন কৰিবলৈ বুলি চকীখনত পোন হৈ বহিল আৰু একে সময়তে তেওঁ কিতাপখনৰ পৃষ্ঠা এটাও লুটিয়াব লগা হ'ল। বিজুলী-চমকৰ দৰে কিতাপখনৰ নামটো বিক্ৰমৰ চকুত পৰিল—“ভোগ। ভোগ। কিতাপখনত ছাগৈ কিমান সুন্দৰ সাধুকথাবোৰ আছে। বৰুৱা ছাৰে যেনেকৈহে আপোন-পাহৰা হৈ কিতাপখন পঢ়িব ধৰিছে— তাৰ পৰাই বুজিব পাৰি যে কিতাপখনে নিশ্চয় মানুহৰ ভোক-পিয়াহ হৰি নিয়ে, মানুহক বেলেগ এখন জগতলৈ লৈ যায়। বিক্ৰমে গোটেই শৰীৰতে এটা অদ্ভুত যন্ত্ৰণা অনুভৱ কৰিবলৈ ধৰিলে। প্ৰচণ্ড ভোত খাবলৈ নাপাই মৰিব ধৰা মানুহৰ চকুৰ আগত এহাতমান দূৰতে একাহী ভাত থাকিলে তাৰ যেনেকুৱা অৱস্থা হ'ব, বিক্ৰমৰ অৱস্থাও প্ৰায় তেনেকুৱাই হ’ল। হাত মেলিলেই পোৱা দূৰতে এনে এখন কিতাপ আছে যিখন কিতাপে চকুৰ পলকতে তাৰ চকুৰ আগত এখন মায়াময় জগতৰ দুৱাৰ মুকলি কৰি দিব পাৰে,—অথচ সেই কিতাপখন পঢ়িবলৈ তাৰ কোন উপায় নাই। এনে অভিজ্ঞতা বিক্ৰমৰ জীৱনত আৰু বহুবাৰ হৈছে। সি সতৃষ্ণ নয়নেৰে টেবুলত পৰি থকা ‘ব্ৰহ্মচৰ্য নামৰ কিতাপখনলৈ কিছু সময় চাই ৰ'ল। লগে লগে সেইদিনা স্কুললৈ কৰি নিব লগা কি কি কাম আছে সেই কথা মনত পেলাবলৈ সি চেষ্টা কৰিলে। ভাৰতৰ মেপ এখন আঁকি নিব লাগিব। এটা পদ্য মুখস্থ কৰিব লাগিব। কেনেকৈ কোন সময়ত সি কাম দুটা কৰিব সেই চিন্তা মনৰ পৰা বাদ দি সি ব্ৰহ্মচৰ্যখন পঢ়িবলৈ আৰম্ভ কৰি দিলে। সেইদিনা স্কুলত তাৰ বৰ বেয়া দিন গ’ল। সাহিত্য আৰু ভুগোল শিক্ষকৰ হাতত সি বাৰুকৈয়ে গালি খাব লগা হ’ল। আন ল'ৰা হোৱা হলে হয়তো চেকনিৰ কোবেই খালেহেঁতেন, কিন্তু শ্ৰেণীৰ প্ৰথম ল’ৰা ১১১