সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঢ়ি চাবলৈ বিক্ৰমৰ ভীষণ ইচ্ছা হল। কিন্তু কিতাপখন হাতত লৈ দুলালৰ ঘৰৰ পৰা ওলাই আলিবাটত ভৰি দিয়াৰ লগে লগে সি এনে এখন স্বপ্নৰ জগতত প্ৰবেশ কৰিলে যে কিতাপখনৰ কথা সি সমূলি পাহৰিয়েই গ'ল। সেই কাৰণে ৰাতিপুৱা পঢ়াৰ টেবুলত কিতাপখন দেখি সি প্ৰায় আচৰিত হোৱাৰ দৰেই হ'ল। অৱশ্যে লগে লগে আগদিনাৰ সকলো কথা তাৰ মনত পৰি গ’ল। যি কোনো নতুন কিতাপে বিক্ৰমক চৰকৰ দৰে টানে। সেইখন পঢ়ি শেষ নকৰালৈকে সি খোৱা-বোৱা, খেলা-ধুলা ইত্যাদি আন একো কথাতে মন দিব নোৱাৰে। ভোক-পিয়াহৰ দৰেই কিতাপৰ প্ৰতি প্ৰচণ্ড লোভেও যে শাৰীৰিক যন্ত্ৰণাৰ সৃষ্টি কৰিব পাৰে তেনে অভিজ্ঞতা তাৰ বহুত বাৰ হৈছে। তাৰ প্ৰথম তেনে অভিজ্ঞতা হৈছিল কেবাবছৰৰ আগতে—সি যেতিয়া দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ আছিল। সিহঁতৰ শ্ৰেণী-শিক্ষক মাণিক বৰুৱাই সদায় কিবা নহয় কিবা এখন কিতাপ হাতত লৈ শ্ৰেণীলৈ আহিছিল আৰু ল’ৰাবোক অংক কৰিবলৈ বা হাতৰ আখৰ লিখিবলৈ লগাই দি তেওঁ নিজে কিতাপ পঢ়ি থাকিছিল। এদিন তেনেকৈ তেওঁ হাজিৰা মাতি ল’ৰাবোক কামত লগাই দিয়েই কিতাপ এখন পঢ়িবলৈ আৰম্ভ কৰি দিছে। বিক্ৰমে সদায় প্ৰথম শাৰীৰ বেঞ্চখনত বহে। কেইদিনমান হ’ল সিও সাধুকথাৰ কিতাপ পঢ়িবলৈ আৰম্ভ কৰিছে আৰু সেই অত্যাশ্চৰ্য জগতত প্ৰবেশ কৰি এক নতুন ধৰণৰ মাদকতাৰ লগত সি পৰিচিত হৈছে। যি কোনো কিতাপেই তাৰ চকু টনা হৈছে। অংক কৰি থাকোতেই হঠাৎ এবাৰ শিক্ষকৰ হাতৰ কিতাপখনলৈ তাৰ চকু গ’ল। কিতাপখনৰ নামটো পঢ়িবলৈ সি চেষ্টা কৰিলে। কিন্তু শিক্ষকজনে পঢ়াৰ সুবিধাৰ কাৰণে এনে এটা ভঙ্গীত কিতাপখন হাতেৰে ধৰি আছে যে নামটো চকুত পৰাত অসম্ভৱ। কিন্তু বিক্ৰমে হঠাৎ বুজি পালে যে কিতাপখনৰ নামটো তাৰ নাজানিলেই নহয়। খুব পিয়াহ লাগিলে পানী নোখোৱালৈকে যেনেকৈ শান্তি নাই, ঠিক তেনেকৈ শিক্ষকৰ হাতৰ কিতাপখনৰ নামটো জানিব নোৱাৰালৈকে তাৰ শান্তি নাই। সি ডেঙ্কত মাত্ৰ ১১•