দুটা অপোনা-আপুনি সজল হৈ উঠিব খোজে। সুপ্ত গাঁৱৰ নিৰ্জন বাটত ঠিয় হৈ বিক্ৰমে জীৱনত প্ৰথম বাৰৰ কাৰণে তাৰ পৃথিৱীখনক আৱিষ্কাৰ কৰিলে; প্ৰথম বাৰৰ কাৰণে সি সম্পূৰ্ণ অকলশৰে পৃথিৱীৰ মুখামুখি হৈ ঠিয় দিলে। পৃথিৱীখন ইমান সুন্দৰ—সি নিজকে ক'লে—অথচ ইমান কৰুণ! এটা অদ্ভুত আবেগত তাৰ সমগ্ৰ দেহ-মন শিহৰিত হৈ উঠিল। সি খোজ দিবলৈ আৰম্ভ কৰিলে। একে সময়তে ইমানবোৰ বিচিত্ৰ আবেগে তাক জুমুৰি দি ধৰিলে যে সি নিজেই সেইবোৰৰ একো অৰ্থ বিচাৰি নাপালে। কিন্তু এটা কথা সি স্পষ্টকৈ অনুভৱ কৰিলে যে সি এটা অপূৰ্ব পুলক অনুভৱ কৰিছে—যাৰ কাৰণ সি নাজানে; সি এটা আচৰিত ভয়ৰ শিহৰণ অনুভৱ কৰিছে—যাৰ কাৰণ সি নাজানে; সি এটা গভীৰ বিষাদ অনুভৱ কৰিছে—যাৰ কাৰণ সি নাজানে। ৰাতিপুৱা শুই উঠি পঢ়া-কোঠালৈ গৈ বিক্ৰমে দেখিলে—টেবুলৰ ওপৰত কিতাপ এখন পৰি আছে। ব্ৰহ্মচৰ্য। তেতিয়াহে তাৰ মনত পৰিল যে আগদিনা লাইব্ৰেৰিৰ কাৰণে দুলালৰ কিতাপবোৰ বাছোতে ব্ৰহ্মচৰ্য নামৰ কিতাপখন পাই সি পঢ়িবলৈ বুলি খুজি আনিছিল। সেই কিতাপখন দুলালে কোনোবা এবছৰ শ্ৰেণীত প্ৰথম হোৱাৰ কাৰণে বঁটা হিছাপে পাইছিল। বিক্ৰমে প্ৰায় একে কেইখন কিতাপকে বছৰৰ পিছত বছৰ বঁটা হিচাপে পাই থাকে; কিন্তু দুলালে প্ৰায় প্ৰতি বছৰেই নতুন নতুন কিতাপ পায়। ব্ৰহ্মচৰ্য’ নামৰ কিতাপ এখনৰ কথা বিক্ৰমে ইয়াৰ আগতে কেতিয়াও শুনা নাছিল। মাত্ৰ কেইমাহমানৰ আগতে বিক্ৰমে স্কুলৰ লাইব্ৰেৰিৰ পৰা মহাত্মা গান্ধীৰ মোৰ সত্য অন্বেষণৰ কাহিনী’ নামৰ কিতাপখন আনি পঢ়িছিল। ব্ৰহ্মচৰ্য শব্দটোৰ লগত তাতেই তাৰ প্ৰথমবাৰৰ কাৰণে ভালকৈ পৰিচয় হয়। সেই কাৰণে দুলাল লাইব্ৰেৰিত “ব্ৰহ্মচৰ্য নামৰ কিতাপ এখন দেখা মাত্ৰে সেইখন
পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১১৭
অৱয়ব