যেন আজিয়েই সি শৈশবৰ দিনবোৰ অতিক্ৰম কৰি যৌৱনৰ দুৱাৰ-দলিত ভৰি দিলে। আজিৰ এই অভিনব সন্ধিয়াটোক সি সম্পূৰ্ণ নিঃশেষকৈ উপভোগ কৰিব খোজে। সঁজ ভগাৰ পিছত সি আজিলৈকে কলৈকে অকলে গৈ পোৱা নাই। আজি এটা অপূৰ্ব সুযোগ আহি উপস্থিত হৈছে। ৰাতি ন বজাৰ পিছত সুপ্ত নীৰৱ গাঁৱৰ নিৰ্জন বাটেদি সি অকলে ঘৰলৈ গৈ প্ৰমাণ কৰিব যে সি আৰু সৰু ল'ৰা হৈ থকা নাই; সি ডাঙৰ হৈছে; আজিৰ পৰাই তাৰ জীৱনৰ এটা নতুন অধ্যায় সূচনা হৈছে। দুলালৰ দেউতাক আৰু দুলালে বিক্ৰমক আলিবাটলৈকে আগবঢ়াই দিলে। চোতালত ভৰি দিয়েই দুলালৰ দেউতাকে ক'লে—“আৰে, কি আচৰিত কথা। ইমান সুন্দৰ জোনাক ৰাতি, অথচ ইতিমধ্যেই এজাক বৰষুণ আহিল আৰু গলল। খোৱাত মছগুল হৈ থাকোতেই কেতিয়া যে বৰষুণ আহিল, কেতিয়া যে গ’ল, একো ক'বই নোৱাৰিলো। দুলালহঁতৰ পৰা বিদায় লৈ বিক্ৰমে ঘৰৰ ফালে খোজ দিবলৈ অলপ দূৰ গৈ সি পিছলৈ এবাৰ ঘূৰি চালে। নাই, দুলাল আৰু দেউতাক ইতিমধ্যেই ঘৰলৈ ঘূৰিছে। বাটৰ সেঁ-মাজতে থমকি ৰৈ সি চাৰিওফালে এবাৰ চাই পঠিয়ালে। আকাশত এতিয়াও বহুত খণ্ড খণ্ড ডাৱৰ; কিন্তু ডাৱৰে জোনটোক ঢাকিব পৰা নাই। জোনাকে পৃথিৱীখন ওপছাই পেলাইছে, কিন্তু ডাৱৰৰ বুকুত প্ৰতিফলিত হৈ অহাৰ কাৰণে জোনাকবোৰ যেন খুব বিষন্ন আৰু কৰুণ। বাটৰ কাষৰ গছবোৰৰ পৰা বতাহৰ সামান্য জোকাৰণিতে বৰষুণৰ টোপালবোৰ জৰ জৰকৈ সৰি পৰিছে আৰু তাৰ শব্দই ৰাতিৰ সেই কৰুণ আৰ্দ্ৰ জোনাকী নীৰৱতাক শিহৰিত কৰি তুলিছে। বৰষুণত তিতি থকা ঘৰৰ খেৰৰ চালবোৰত জোনৰ পোহৰে চিকমিকনি তুলিছে। গোহালিৰ গৰুবোৰৰ উশাহ-নিশাহৰ শব্দ আৰু সিহঁতৰ ঘাঁহ পাগুলাৰ মৃদুতম শব্দ বতাহত ভাহি আহিছে। আকাশত মাত্ৰ কেইটামান তৰা দেখা গৈছে, কিন্তু সিহঁতক ইমান কৰুণ যেন দেখাইছে যে বেছি পৰ চাই থাকিলে চকু ধৰিলে। Sobre
পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১১৬
অৱয়ব