সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আৰু এটা কথা কওঁ। আজি তোমালোক দুয়োৰে মাজত খোৱাৰ কম্পিটিশন্ হ’ব। যিয়েই বেছিকৈ খাব পাৰিবা তাকে মই এটা পুৰস্কাৰ দিম। এতিয়া যোৱা। ‘কি পুৰস্কাৰ দিবা দেউতা?-আনন্দত উজ্জ্বল হৈ দুলালে প্ৰশ্ন কৰিলে। দুলালৰ দেউতাকে ডাঙৰ মাংস এটুকুৰা মুখত ভৰাই কলে-“ওহে, সেই কথা মই এতিয়াই কেতিয়াও প্ৰকাশ নকৰে। পুৰস্কাৰ কি পাবি আগতেই জানিলে পুৰস্কাৰ পোৱাৰ আনন্দই দেখোন আধা মাটি হৈ যাব।” ভাত-পানী খাই শেষ হওঁতে থানাত নটা বজাৰ ঘন্টা বাজি উঠিল। গাঁৱত ন বজা মানেই বহুত ৰাতি। বিক্ৰমে সকলোৰে পৰা বিদায় লৈ যাবলৈ ওলাল। দুলালৰ দেউতাকে তাক বাৰে বাৰে ক’বলৈ ধৰিলে যে এটা চিপাহিয়ে গৈ তাক ঘৰত থৈ আহিব। তেওঁ মাজতে এই বুলিও ধমক দিলে যে তেওঁ কেতিয়াও বিক্ৰমক অকলে ঘৰলৈ যাবলৈ নিদিয়ে। লগত চিপাহি এটা যাবই। কিন্তু ভাবতে বাধ্য আৰু শান্ত প্ৰকৃতি বিক্ৰমে সেইদিনা এটা আচৰিত জেদ ধৰিলে। সি অকলেই ঘৰলৈ যাব। সি কেতিয়াও চিপাহিক লগত লৈ ঘৰলৈ নাযায়। সি এতিয়া ইমান সৰু হৈ থকা নাই বা ইমান ভয়াতুৰ নহয় যে এই এক ফাৰ্লং বাট সি অকলে ঘৰলৈ যাব নোৱাৰিব। বিক্ৰমৰ জেদৰ ওচৰত অৱশেষত দুলালৰ দেউতাকেই হাৰ মানিব লগা হ'ল। আচলতে সেই গোটেই সন্ধিয়াটো বিক্ৰমৰ অকণমানি জীৱনটোত আছিল এটা অভিনব ঘটনা। জীৱনত এই প্ৰথম সি এঘৰ মানুহলৈ প্ৰধান নিমন্ত্ৰিত অতিথি হৈ খাবলৈ আহিল; তাৰ দেউতাকৰ বয়সীয়া এজন মানুহে তাক সমান বন্ধুৰ মৰ্যাদা দি তাৰ লগত নানা গুৰুগম্ভীৰ কথা পাতিলে; অভ্যস্ত ৰুটিনৰ বাহিৰত সি বন্ধুৰ ঘৰত মনৰ হেঁপাই পলুৱাই কথা পাতি এটা সন্ধিয়া কটালে; বিক্ৰমৰ এনেহে অনুভৱ হ'ল ১৭