বিলীন হৈ যোৱাটোৱেই বোলে মানুহৰ একমাত্ৰ সাধনা হোৱা উচিত। কথাষাৰ শুনিলেই মোৰ উকটি উকটি হাঁহি উঠিব খোজে। পৃথিৱীৰ জীৱ মাত্ৰেই মৃত্যুৰ পিছত পৰম ব্ৰহ্মত লীন হৈ যাবই, অৰ্থাৎ সকলো প্ৰাণীয়েই মৃত্যুৰ পিছত মাটিত বিলীন হৈ যাব। তাৰ কাৰণে আকৌ তজপ, ধৰ্ম-কৰ্মৰ দৰকাৰ কি? অথচ এই অৰ্থহীন কথাবোৰকে গাই- বাই মানুহে যে কিমান হাজাৰ হাজাৰ বছৰ নষ্ট কৰিছে। আৰু এহী গৰম মাংস লৈ দুলালৰ মাক সোমাই আহিল। কোঠাটোৰ সেঁ-মাজতে ঠমকি ৰৈ তেওঁ ক'লে—ওঠ চেপিলে গাখীৰ ওলোৱা এই ফুকলীয়া ল'ৰাকেইটাৰ আগত সেইবোৰ বৰ বৰ কথাৰ লেকচাৰ মাৰি সিহঁতৰ কণা-মাকৰি সৰুৱাইছে কিয় আপুনি? আপোনাৰ সেই অধমী কথাবোৰ শুনোতা কোনো নাই কাৰণে ইহঁতৰ আগতে পণ্ডিতালি দেখুৱাইছে হ’বলা। দুলুমণি, তই বিক্ৰমক লৈ তোৰ পঢ়া- কোঠালৈ যা। তই দেখোন গধূলিতেই মোক কৈছিলি—দুই বন্ধুত্ৰে লগ লাগি কিবা কিতাপ চোৱাৰ কথা আছিল বোলে। যা, যা, তহঁতৰ ভাগৰ মাংস মই তাতেই দিমগৈ। যাবলৈ বুলি ঠিয় হৈ দুলালে কলে—“আমাক আৰু মাংস নালাগে মা। এতিয়াই মাংস খাই পেট ভৰালে পিছত ভাত খাবলৈ ভোকেই নাথাকিব দেখোন। বিক্ৰমে কিন্তু দুলালৰ দেউতাকৰ কথাবোৰ শুনি অকণো আমনিতে পোৱা নাছিলেই, বৰং এটা অপূৰ্ব অভিজ্ঞতা লাভ কৰাৰ উত্তেজনাহে অনুভৱ কৰিছিল। কিন্তু দুলালৰ মাকৰ নিৰ্দেশ অমান্য কৰা সম্ভব নহয়। ভদুপৰি দুলালৰ কিতাপবোৰ চোৱাৰ লোভটোতো আছেই। সিও যাবলৈ বুলি ঠিয় হ'ল। বহুতদিনৰ মূৰত মনৰ হেপাহ পলুৱাই কথা ক’বলৈ পাই দুলাল দেউতাকৰ মনটো ভাল লাগি আহিছিল; কিন্তু হঠাতে শ্ৰোতা হেৰুৱাৰ লগীয়া হোৱাত তেওঁৰ মুখখন কলা পৰি গ'ল। তথাপিত নিজকে চট্টলি লৈ তেওঁ মুখত হাঁহি ফুটাই ক'লে—“বিক্ৰম বৰা। যোৱাৰ আগয়ে
পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১১৪
অৱয়ব