সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এইখন কি দুষ্টালি আৰম্ভ কৰিলা। এটা গোট হৰিণা পছৰ লিভাৰ মাত্ৰ এইণহে ওলালনে? দুলালৰ মাকে কপট খং প্ৰকাশ কৰি ক'লে—“আও ভাল ৰাক্ষসটো লালেহি অ’। আগতে এইখিনিকে খাই শেষ কৰকচোন। পিছত আৰু যিমান 'লাগে দিম। আপোনাৰ চিঞৰ-বাখৰত মাংস ভালকৈ সিজিবলৈ নাপালেই। আধা-সিজা মাংসকে খাওক এতিয়া। দুলালৰ দেউতাকে মাংসৰ প্লেট এখন তুলি লৈ বিক্ৰমৰ ফালে চাই কলে—“তুমি খুৰীয়েৰৰ কথা বিশ্বাস নকৰিবা দেই বিক্ৰম। এওঁৰ মুখত এটা, পেটত এটা। মানে মুখত তিল, পেটত মিঠা। মাংস ঠিকেই সিজিছে, তুমি ভয় নকৰিবা। তাৰপৰি লিভাৰ ভাজি খোৱাতকৈ একেবাৰে কেঁচাই খোৱাহে বেছি ভাল—যদি কোনোবাই খাব পাৰে। মোৰ লগত চিকাৰত সদায় পানীৰাম নামৰ মানুহ এটা ফুৰে। তাৰ এটা আচৰিত অভ্যাস আছে। চিকাৰত পহু পৰিলেই সি পহুৰ বুকু ফালি আগমঙহ অকণমান কাটি উলিয়াই কেঁচাই কেঁচাই খাবই। হাজাৰ হাক দিলেও সি শুনে। তাৰ পিছত সি জুই একুৰা ধৰি পহুটোৰ কাণ দুখন কাটি থিতাতে জুইত পুৰি খাব। তাৰ পিছতহে সি পহুৰ ভাৰ লৈ ঘৰলৈ অহাৰ কথা চিন্তা কৰিব। পৰম তৃপ্তিৰে ভজা মাংস চোবাই চোবাই দুলালৰ দেউতাকে ক'লে— ‘বিক্ৰম, তুমি মোৰ কথাবোৰ শুনি শুনি মোক ছাগৈ মহা অধৰমী বুলি ধৰি লৈছা। ধৰ্মৰ অযুক্তিকৰ আজগুবি কথাবোৰ বিশ্বাস নকৰাটো যদি অধৰমীৰ কাম হয়, তেন্তে মই নিশ্চয় অধমী। কোনো কোনো ধৰ্মই মানুহক এই শিক্ষা দিয়ে যে এই জগতখন বোলে মায়া মাত্ৰ; মানুহৰ কৰ্তব্য হ’ল এই জগতখনৰ ফালে সম্পূৰ্ণ পিঠি দি কেৱল এখন কাল্পনিক পৰকালৰ চিন্তা কৰা। মই ক’ব খোজো যে ইয়াতকৈ ডাঙৰ পাপ আন একোৱেই নাই। ঈশ্বৰৰ পৰম সুন্দৰ সৃষ্টি এই জগতখনক অস্বীকাৰ কৰা মানে ঈশ্বৰৰ মহত্বকেই অস্বীকাৰ কৰা। দ্বিতীয়তে, কোনো কোনো মই শিক্ষা দিয়ে যে জন্ম-মৃত্যুৰ চক্ৰৰ পৰা মুক্তি লাভ কৰি পৰম ব্ৰহ্মত