সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সৃষ্টি কৰিছেনেকি? ফুলৰ ৰূপ আৰু সুগন্ধ, ফলৰ সোৱাদ, হৰিণৰ মাংসৰ জুতি—এইবোৰ তোমাৰ ঋষি-মুনিবোৰ সৃষ্টি কৰিছেনেকি? যিবোৰ বস্তু তেওঁলোকে নিজে সৃষ্টি কৰা নাই, সেইবোৰৰ অৰ্থ বা উদ্দেশ্য তেওঁলোকে কেনেকৈ বুজি পাব? আৰু এটা কথা ভাবি চোৱাচোন। এই জগতখন আৰু ইয়াৰ আটাইবোৰ বিনন্দীয়া বস্তু সৃষ্টি কৰিছে ঈশ্বৰে। কিন্তু মানুহে যদি কয় যে এই জগতখন আচল জগত নহয় আৰু ইয়াৰ বস্তুবোৰ ভোগ কৰাটোও পাপ, তেন্তে খোদাৰ ওপৰত খোদকাৰি কৰা নহ’লনে? অৰ্থাৎ ঈশ্বৰৰ সৃষ্টিক বেয়া বুলি কৈ ঈশ্বৰকেই বেয়া বুলি কোৱা নহ'লনে? তোমাৰ নিজৰ কথাকেই ধৰাচোন। আজি তোমাক আমাৰ ঘৰলৈ আদৰসাদৰ কৰি নিমন্ত্ৰণ কৰি আনিছো—এসাজ খোৱাম বুলি। খুৰীয়েৰে জনাই-নজনাই মাছে-মঙহে দহ-বাৰখন আঞ্জা ৰান্ধিছে তোমাৰ কাৰণে। তুমি যদি খাবলৈ বহি আটাইবোৰ বস্তু বেয়া বুলি কৈ তাত পানী ঢালি দিয়া, তেন্তে আমাৰ মনটো কেনেকুৱা লাগিব? মোৰ সাধাৰণ বুদ্ধিয়ে কয় যে ঈশ্বৰে এই বিনন্দীয়া পৃথিৱীখন সৃষ্টি কৰিছে তেওঁৰ প্ৰিয় সন্তান মানুহৰ ভোগৰ কাৰণে। যি মানুহে এই পৃথিৱীখনক মায়া বুলি কয় বা ভোগ কৰাটোক পাপ বুলি কয়, তেওঁকৈ পাপী আৰু কোনো নাই, কাৰণ সেই মানুহে ঈশ্বৰৰ মৰমৰ উপহাৰ দলিয়াই দি ঈশ্বৰৰ মনতেই দুখ দিয়ে।•••এ ৰবা, তোমাক লেকচাৰ দি দি মোৰ ভোকেই লাগি গ'ল। হেৰা বোলল শুনিছানে—তোমাক দেখোন অথনিয়েই কৈছিলো যে বিক্ৰম অহাৰ লগে লগেই আমাক একো প্লেটকৈ হৰিণৰ লিভাৰ-ভজা দিবা। কি কৰিছা ইমান পৰে? হঠাৎ কোঠাটো ধোঁৱা বলি থকা গৰম মাংসৰ গোন্ধত মকমকাই উঠিল। কাৰণ ঠিক সেই মুহূৰ্ততে দুলালৰ মাকে এখন প্ৰকাণ্ড কঁহৰ কঁহীৰ ওপৰত তিনিখন মাংসৰ প্লেট সজাই লৈ দুৱাৰমুখত আহি ঠিয় দিলেহি। মাংসৰ গোন্ধটো পায়েই দুলালৰ দেউতাকৰ মুখখন জিভাৰ পানীৰে ভৰি পৰিল; কোনোমতে সেপ ঢুকি তেওঁ ক'লে—“তুমি আকৌ ১০৪