একাবোৰ হ’ৰ সিহঁত গোলাম। তুমি কি হ'ব খোজা? মালিক নে গোলাম? দুলালৰ দেউতাকৰ কথা শুনি বিক্ৰম অলপ আচৰিত হ'ল। জ্ঞান হ'বৰ দিন ধৰি সি ঘৰুেপৰে শুনি আহিছে ত্যাগ আৰু সন্যাসৰ কথা; পৰকালত মুক্তিৰ কাৰণে ইহকালত সুখ-সম্ভোগ বিসৰ্জন দিয়াৰ কথা; ভোগতকৈ ত্যাগৰ শ্ৰেষ্ঠত্বৰ কথা। তাৰ কুমলীয়া মনে সেই শিক্ষাবোৰ ইমান শুদ্ধ বুলি গ্ৰহণ কৰিছে যে এতিয়াৰ পৰাই সি এই জগতখনক মায়া বুলি ভাবিবলৈ শিকিছে আৰু আনন্দদায়ক সকলো বস্তুকেই সন্দেহ চকুৰে চাবলৈ আৰম্ভ কৰিছে। কিন্তু এই মানুহজনে কয় কি? ঋফি মুনিসকলে কৈ যোৱা সকলো কথাকেই তেওঁ একে আষাৰে বাজে কথা বুলি কৈ পেলালে! ত্যাগ কৰাতকৈ দকচি খোৱাটোকহে তেওঁ বেছি ভাল কথা বুলি ক'লে! এনে কথা বিক্ৰমে জীৱনত আগতে কেতিয়াও শুনা নাছিল। তাৰ কৌতূহলী মনটো চিন্তাৰ এটা নতুন খোক পোৱাৰ আশাত মুহূৰ্ততে সজাগ হৈ উঠিল। কিন্তু...কিন্তু...'—সি সেপ ঢুকি ক’বলৈ ধৰিলে—“কিন্তু শাস্ত্ৰত দেখোন লেখা আছে যে ভোগতকৈ ত্যাগ শ্ৰেষ্ঠ আৰু মানুহে ইহকালৰ সুখতকৈ পৰকালৰ মুক্তিৰ কথাহে বেছিকৈ চিন্তা কৰিব লাগে। আমাৰ চাৰসকলে সদায় আমাক এই কথা কয়। আমাৰ দেউতায়ো কয়। বিক্ৰমক চক খোৱাই দি দুলালৰ দেউতাকে বিৰাট শব্দ কৰি ঢেক ঢোকাই হাঁহি উঠিল। হাঁহিৰ কোবত তেওঁ উদং পেটৰ চবিবোৰ ভূমিকম্প পৃথিৱী কঁপাৰ দৰে কঁপিবলৈ ধৰিলে। কিছু সময়ৰ মূৰত কোনোমতে হাঁহিটো সামৰি তেওঁ কলে—“ত্যাগ? হাঃ হাঃ হাঃ। বিক্ৰম, মই তোমাৰ চাৰসকল বা তোমাৰ দেউতাৰৰ নিচিনা কিতাপ পঢ়া পণ্ডিত নহওঁ। শাস্ত্ৰত ত্যাগ-ফ্যাগ কি লেখা আছে মই নাজানো। কিন্তু সাধাৰণ বুদ্ধিৰে সৈতে এটা কথা নই জানো যে পৃথিৱীখনৰ ভাল বস্তুবোৰ ভোগ কৰা যদি পাপ, তেন্তে সৃষ্টিকৰ্তাই এইবোৰ কেতিয়াও সৃষ্টি নকৰিলেহেঁতেন। তোমাৰ ঋষি-মুনি বা সাধু-মহাত্মবোৰে এই পৃথিৱীখন ১০৩
পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১১১
অৱয়ব