সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আছিলো।•••••• জ’ দুলুমণি, দুমশি, তোৰ বহু আহি পালেহি, এভিয়া মাৰক কৈ আমাৰ আটাইৰে কাৰণে কিবাকিবি খোৱা বস্তু আন। তোমাৰ কথা কিয় ভাবি আছিলো জানা? অলপ আগতে নৈঘাটত তোমাৰ দেউতাৰক লগ পালো। তোমাক সোনকালে পঠাই দিবলৈ ক’লল। দেউতাৰে ক'লে—“তাক খাবলৈ মাতিছে হয়, পিছে খোৱাই হলে একো সুখ নাপাব। তাৰ খোৱা-বোৱাত একেবাৰেই ৰুচি নাই। নেদেখিছে, নাই নাই তাৰ কেনেকুৱা কেং-মৰ চেহেৰা হৈছে। স্বাস্থ্যৰোযে অলপ যত্ন ল'ব লাগে সেই কথা তাক বুজাবচোন। আমাৰ কথা সি একেবাৰেই শুনিব নোখোজ। হয়নে কথাটো? ইতিমধ্যে দুলাললা বাহিৰলৈ আহি বিক্ৰমৰ কাষতে মুঢ়া এটাত বহিছে আৰু দেউতাকৰ কথা শুনি মিচিক মিচিক হাঁহিবলৈ লৈছে। দুলালৰ দেউতাকৰ কথা শুনি বিক্ৰমে লাজতে তলমূৰ কৰিলে। দুলালৰ দেউতাকে আকৌ ক’বলৈ ধৰিলে—“শুনা, এই সংসাৰত জীৱনৰ পৰিপূৰ্ণ আনন্দ উপভোগ কৰি মানুহৰ দৰে বাচি থাকিবলৈ হ'লে মানুহক শক্তি লাগে। পৰিশ্ৰম কৰিবলৈ শক্তি লাগে। উন্নতি কৰিবলৈ শক্তি লাগে। কিন্তু শক্তি ক’ৰ পৰা আহিব? সি শূন্যৰ পৰা আহিৰ নেকি? খাদ্যই হ’ল শক্তিৰ উৎস। দেহক যিমানখিনি খাদ্য প্ৰয়োজন সেইখিনি পূৰাদমে খাবা; তাক হজম কৰিবৰ কাৰণে শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰিবা; খাদ্যৰ পৰা যি শক্তি পাবা তাৰে জীৱনটো উপভোগ কৰিবা। তোমালোকে যে খাব নোখোজা তাৰ কাৰণে অৱশ্যে মই তোমালোকক বৰকৈ দুষিব নোখোতজা। আমাৰ দেশৰ শিক্ষাই তাৰ কাৰণে দায়ী। এই শিক্ষাই জন্মৰ মুহূৰ্তৰ পৰাই আমাৰ মানুহৰ মূৰত সন্যাস-বৈৰাগ্য-ত্যাগ আদি বাজে কথাবোৰ সোমোৱাই দিয়ে আৰু ইহকালতকৈ পৰকালৰ ধান্দা বেছিকৈ সোমোৱাই দিয়ে। চব বাজে কথা, বুচ্ছি। তুমি মাহ-চাউল, কল-মিঠৈ খাই পৃথিৱীৰ শক্তিশালী জাতি বোৰ লগত কেনে প্ৰতিযোগিতা কৰিবা। যিবোৰে মাছ-মঙই দকটি খাব সিহঁতেই এই পৃথিৱীৰ মালিক হ'ব; বৰতীয়া হৈ পৰকাল খালাত ১২