তেতিয়া সি সাহিত্য আৰু প্ৰেমখন হাতত তুলিলৈ ডাষ্টেবিয়েছি। কাহিনী পঢ়িবলৈ আৰম্ভ কৰিলে। মাত্ৰ এমাহৰ আগতে সি সেই কাহিনীটো পঢ়িছিল; কিন্তু তেতিয়া সেইটো আছিল হাজাৰটা জানিব- লগীয়া কথাৰ মাজৰ এটা মাত্ৰ। কিন্তু আজি সি নিজেই ডান্টে। আৰু বিয়েত্ৰিছ? কিতাপখন পঢ়া বন্ধ কৰি সি চকু মুদি কিছুসময় তাৰ বিয়েত্ৰিছৰ ৰূপ ধ্যান কৰিবলৈ ধৰিলে। সেই শান্ত কৰুণ মুখখন, চুলিত বৰষুণৰ কণিকা, দৃষ্টি কোন ৰহস্যময় সুদূৰত নিবদ্ধ, অনন্তকাল ধৰি যেন তেওঁ কাৰোবাৰ কাৰণে প্ৰতীক্ষা কৰি আছিল, আজি নিশ্চয় সেই প্ৰতীক্ষাৰ অন্ত পৰিল। প্ৰবন্ধটো পঢ়ি শেষ কৰোতে আজি বিক্ৰমৰ বহুত সময় লাগিল, কাৰণ চকুৱে শব্দবোৰ পঢ়ি গলেও মগজটো প্ৰায়েই ব্যস্ত আছিল বিয়োত্ৰিছৰ শৰীৰী ৰূপৰ ধ্যানত। সেই কাৰণে পঢ়া কথাবোৰকে, আকৌ সি বহুবাৰ পঢ়িব লগা হৈছিল। অৱশেষত প্ৰবন্ধটো পঢ়ি শেষ হ’ল। তাৰ পিছত সি কবিতাৰ কিতাপবোৰ এখন এখনকৈ পঢ়িবলৈ ধৰিলে...যতীন দুৱৰা, গণেশ গগৈ, দেবকান্ত বৰুৱা • আগতে হাজাৰ বাৰ পঢ়া কবিতাবোৰে আজি তাৰ মনলৈ সঞ্চাৰিত কৰি দিলে নতুন অৰ্থ, নতুন বাণী, নতুন নিমন্ত্ৰণ। কবিতাবোৰ পঢ়ি থাকোতে একেবাৰ তাৰ অনুভৱ হ’ল—যেন প্ৰখৰ ৰ'দত বহুদূৰ বাট ভ্ৰমণ কৰি কৰি পিয়াহত সি ছাটিফুটি কৰি মৰিছিল, অৱশেষত সি ফটিকৰ ধাৰ যেন এখন নৈৰ শীতল পানী আঁজলি আই খাই প্ৰাণ ৰক্ষা কৰিব পাৰিলে; আন এবাৰ অনুভৱ হ'ল—প্ৰচণ্ড জ্বৰত সি এম বকিবলৈ আৰম্ভ কৰিছিল, এনেতে কোনোবাই তাৰ মূৰত পানী ঢালি ঢালি তাৰ সংজ্ঞা ঘূৰাই আনিলে। কবিতাবোৰ পঢ়ি থাকোতে তাৰ আৰু বহুত ন ন অভিজ্ঞতা হবলৈ ধৰিলে। লোৰ সজাত বন্দী চৰাই এটাই সীমাহীন সুনীল আকাশৰ ফালে চাই চাই মুকলি হ’বৰ কাৰণে সজাত মূৰ খুন্দিয়াই মৰিছিল, এনেতে কাৰোবাৰ এখন অদৃশ্য হাতে সজাটোৰ দুৱাৰখন খুলি দিলে আৰু চৰাইটো ভুল কৰে ওলাই গৈ মুক্তিৰ বিপুল আনন্দত ডেউকা মেলি আকাশত উৰিবলৈ ধৰিলে। দোকমোকাৰি ১৮
পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১০৬
অৱয়ব