॥ ৮॥ আগদিনাৰ পৰাই বিক্ৰমৰ পানীলগা জ্বৰ হৈ আছিল; তাতে সেইদিনা ককালৰ জোৰা পৰি যোৱাকৈ পিছলি পৰাৰ ফলত আবেলিৰ ভাগলৈ তাৰ জ্বৰটো বেছি হৈ গ'ল। সি বিছনাৰ আশ্ৰয় ল'ব লগা হ'ল। এজাপ কিতাপ লৈ সি বিছনাত পৰিল। বেছিভাগেই কবিতাৰ কিতাপ। তাৰ মাজতে ডঃ বাণীকান্ত কাকতিৰ সাহিত্য আৰু প্ৰেম’ নামৰ কিতাপখন। এমাহ মানৰ আগতে দুলালৰ পৰা খুজি আনি কিতাপখন সি পঢ়িছিল। কিন্তু আজি সি আকৌ এবাৰ ডান্টে আৰু বিয়েত্ৰিছৰ কাহিনীটো পঢ়ি চোৱাৰ প্ৰয়োজন অনুভৱ কৰিলে। জ্বৰ হৈ বিছনাৰ আশ্ৰয় ল'ব লগা হোৱাৰ কাৰণে বিক্ৰম মনে মনে ইমান সুখী হ’ল যে সি কেবাবাৰো ভগৱানক নীৰৱে ধন্যবাদ জনালে। ছোৱালীজনীয়ে বাউসিত ধৰি তাক মাটিৰ পৰা তুলি দিয়াৰ মুহূৰ্ত পৰাই বিক্ৰমৰ অন্তৰ্জগতত ইমানবোৰ বিচিত্ৰ ঘটনা ঘটি গৈছে যে সেইবোৰৰ অৰ্থ বুজিবলৈ তাৰ বহুত সময় নিৰলে থকাৰ প্ৰয়োজন হৈছে। পানীলগা অৰটো বৰ সুবিধাজনক জ্বৰ। সি ইমান গহীন বিধৰ অসুখ নহয় যে সকলল সময়তে কোনোবাই তাক শুশ্ৰুষা বা খবৰ কৰি থাকিব লাগিব। অথচ পানীলগা জ্বৰত বিছনাত পৰি নাথাকিলেই নহয়। বেমাৰী হৈ বিছনাত পৰি থাকিব পাৰি, অথচ কোনেও বাৰে পতি খবৰ কৰি তাক আমনি কৰি নাথাকে। আজিৰ দিনটোত ইয়াতকৈ ডাঙৰ সৌভাগ্য আৰু কল্পনা কৰিব পাৰিনে? ছোৱালীজনীয়ে তাক বাউসিত ধৰতেই বিক্ৰমে যি অভিনব পুলক অনুভৱ কৰিছিল তাৰ স্মৃতি ৰোমন্থন কৰি কৰি সি বহুত সময় আপোন- পাহৰা হৈ ৰ'ল। অসংখ্যবাৰ সেই মুহূৰ্তটো পুনৰ যাপন কৰাৰ পিছত অদ্ভুতঃ সাময়িকভাৱে যেতিয়া সি হেপাহ পলোৱা যেন অনুভৱ কৰিলে, ৯৭ 9
পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১০৫
অৱয়ব