সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মন গৈছিল। কিন্তু লেঠাৰি-নিছিগা বৰষুণৰ ফলত শেলুৱা চেতালখন ইমান পিছল হৈ আছিল যে চোতালত ভৰি পৰাৰ লগে লগে ককালৰ জোৰা লৰি যোৱাকৈ সি ধেমেহ কৰে পিছলি পৰিল। বেচ কিছু সময় সি উঠিব নোৱাৰা হৈ মাটিতে তলমূৰ কৰি পৰি থাকিল। শৰীৰৰ কষ্টতকৈ লাজেহে তাক বেছি আধামৰা কৰি তুলিলে। যিটো মুহূৰ্তত জীৱনৰ আটাইতকৈ বীৰত্বপূৰ্ণ কামটো কৰিবলৈ তাৰ মন গৈছিল ঠিক সেই মুহুৰ্ততে তাৰ জীৱনৰ আটাইতকৈ লাজ-লগা ঘটনাটো ঘটিল। সি আকুলভাৱে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে—বসুমতী ফাট দিয়া পাতালে লুকাওঁ। বিক্ৰম চোতালত পিছলি পৰাৰ লগে লগেই ছোৱালীজনীয়ে চিঞৰি উঠিব খুজিজিল, কিন্তু চিঞৰটো উজাই আহি ডিঙি পাওঁতেই তাই কোনোমতে তাক চেপি ৰাখিলে। কিংকৰ্তব্যবিমূঢ় হৈ তাই ব্যাকুল দৃষ্টিৰে ল'ৰাটোলৈ চাই থাকিব ধৰিলে। তাক হাতত ধৰি তুলি দিবলৈ তাইৰ খুব মন গৈছিল, কিন্তু লাজে তাইৰ বাট ভেটি ধৰিলে। কিন্তু কেবাটাও মুহূৰ্ত পাৰ হৈ যোৱাৰ পিছত যেতিয়া বিক্ৰমে মাটিৰ পৰা উঠাৰ কোনো উমঘাম নকৰিলে, তেতিয়া আৰু ছোৱালীজনীয়ে ৰৈ থাকিব নোৱাৰিলে। চোতাললৈ নামি গৈ তাই তলমুৱা হৈ পৰি থকা বিক্ৰমৰ দুই বাউসীত ধৰি ঠিয় কৰাই দি সুধিলে-“খুব দুখ পালানেকি? লাজত মৃতপ্ৰায় হোৱা বিক্ৰমৰ ছোৱালীজনীৰ মুখৰ ফালে চাব পৰা অৱস্থা নাছিল। সি মূৰ জোকাৰি দুখ নাই পোৱা বুলি কৈ কোবাকুবিকৈ ঘৰৰ ফালে খোজ ললে।