ছোৱালীজনী তেতিয়াও একেথৰে দুৱাৰমুখত ঠিয় হৈ আছে। এইবাৰ যিহেতু সি ছোৱালীজনীক পিছফালৰ পৰাহে দেখিছে, সেই কাৰণে সি কিছুসময় তাইলৈ চাই ৰ'ল। ছোৱালীজনী ওখই প্ৰায় তাৰ সমানেই হ’ব। তাইৰ পিন্ধনত এখন মুগাৰ মেখেলা আৰু কপাহী বগা ব্লাউজ। এখন কপাহী চেলেং তাই মত। ল’ৰাৰ দৰে গাত ছাটি মাৰি লৈছে। ছোৱালীজনীৰ লগত চিনাকি হৈ তাইৰ লগত দুআষাৰ মান কথা পাতিবলৈ তাৰ ভীষণ ইচ্ছা হৈছিল, কিন্তু কথাষাৰ ভবাৰ লগে লগেই লাজত তাৰ কাণ-মূৰ ৰঙা পৰি উঠিল। হঠাৎ কিবা এটা ভাবি সি দুৱাৰমুখৰ পৰা ঘূৰি গৈ আপোন-মনে শুণগুণাই কাম কৰি থকা আইকণৰ কান্ধত হাত এখন থৈ মাতটো সৰু কৰি ক'লে—“আইকণ। আইকণ চক খাই উঠিল। তাৰ পিছত বিক্ৰমক দেখি তাই ক'লে— তুমি। মোক ইমান ভয় খুৱাই দিলা পাই। বিক্ৰমে আইকণৰ কাণৰ ওচৰলৈ মুখ নি ক'লে—“বাহিৰত ঠিয় হৈ থকা ছোৱালীজনী কোন অ'? তহঁতৰ কিবা হয়নেকি? আইকণে উত্তৰ দিলে—“অ’ ৰেণু বাইদেউৰ কথা কৈছা। তুমি ক'ব নোৱাৰানেকি—ৰেণু বাইদেউ এতিয়াৰ পৰা সদায় আমাৰ ঘৰত থাকিব। কালি আহিছে। মোমাইদেৱে আনি থৈ গৈছে। ভনটিক ৰাখিবলৈ আনিছে। ছোৱালীজনী সদায় আইকণহঁতৰ ঘৰত থাকিব? কথাষাৰ শুনি হঠাৎ বিক্ৰমৰ বুকুখন খুব পাতল লাগি গ'ল, কিন্তু কিয় লাগিল সি নিজেই তাৰ অৰ্থ বুজি নাপালে। দৌৰ মাৰি সি বাহিৰলৈ ওলাই গল। বিক্ৰমৰ ভৰিৰ শব্দ শুনি ছোৱালীজনীয়ে মুখ ঘূৰাই চালে। তাইৰ চকুত চকু পৰা মাত্ৰকতে বিক্ৰমৰ গোটেই শৰীৰৰ মাজেদি এনে এটা বিজুলীৰ সোঁত বৈ গ'ল যে তাৰ হঠাৎ কি কৰো কি নকৰ লাগি গল। সি পিৰালিৰ পৰা চোতাললৈ মস্ত এটা জাপ মাৰি দিলে। খুব সম্ভৱ এটা বীৰত্বপূৰ্ণ বা চমকপ্ৰদ কাম কৰি ছোৱালীজনীক দেখুৱাবলৈ তাৰ
পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১০৩
অৱয়ব