সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শুই আছিল। কিন্তু দেউতাকে তাৰ এই অসহায় যুঁজ-বাগৰৰ কথা একো গম নাপালে। সি অকলেই মৃত্যুৰ মুখামুখি হ’ব লগা হ'ল। মৃত্যু পিছত যি অনন্ত অন্ধকাৰত মাক হেৰাই যাব, সেই অন্ধকাৰৰ ইমূৰৰ পৰা সিমূৰলৈ সি বহুত সময় অকলে ঘূৰি থাকিল। মাজে মাজে সি সেই দিচিহ্নহীন সীমাহীন অন্ধকাৰৰ উদ্দেশ্যে চিঞৰি উঠিল—‘মোৰ আইক ঘূৰাই দিয়া, আকৌ এবাৰ মোৰ আইক ঘূৰাই দিয়া, অনন্তকাল কাৰণে মোৰ আইক মোৰ জীৱনৰ পৰা আঁতৰাই নিনিবা। কিন্তু হঠাৎ তাৰ এবাৰ ভয় হ’ল যে সেই মহা-অন্ধকাৰত তাৰ আকুল আৰ্তনাদ শুনোতা কোনো নাই; অনন্তকাল ধৰি চিঞৰি থাকিলেও ক’তত তাৰ চিঞৰে গৈ প্ৰতিধ্বনি নোতোলেগৈ। হঠাৎ সি নিজকে ইমান অকলশৰীয়া অনুভৱ কৰিলে যে তাৰ ফেকুৰি ফেকুৰি কান্দিবলৈ মন গ'ল। সি জোৰেৰে গাৰুত মুখখন গুজি ধৰিলে। 11 9 11 কৰে। বিক্ৰমহঁতৰ ঘৰৰ পশ্চিম ফাললৈ পিৰালিয়ে লাগি থকা ঘৰটো নবীনহঁতৰ। তেজৰ সম্বন্ধ একো নাই যদিও বিক্ৰমহঁতে নবীনক দদাইদেউ বুলি মাতে আৰু দুয়োঘৰ মানুহে একেটা পৰিয়ালৰ দৰেই বাস এঘৰত মাছ-মাংসৰ ভাল আঞ্জা ৰন্ধা হ'লে লগে লগে তাৰ ভাগ আন ঘৰলৈ যায়। স্কুলীয়া ল'ৰা-ছোৱালীৰ কাৰণে এঘৰত সময় মতে খোৱাৰ যোগাৰ নহলে আনটো ঘৰতে দুয়ো ঘৰৰ ল'ৰা-ছোৱালীয়ে একেলগে খাই স্কুললৈ যায়। নবীনৰ ঘৈণীয়েকে বিক্ৰমক অতিপাত মৰম কৰে। সেই কাৰণে দিনটোত এবাৰ নহয় এবাৰ বিক্ৰম নবীনহঁতৰ ঘৰলৈ যাবই লাগে। এদিন নগলেই খুৰীয়েকে ঠেহ পাতে। নিজৰ ল'ৰা-ছোৱালীৰ মুখৰ পৰা চান কাঢ়ি হলেও তেওঁ বিক্ৰমৰ কাৰণে কিবা নহয় কিবা এটা খোৱা বস্তু সঁচি থয়। আচলতে নবীনৰ ঘৈণীয়েকে ১২