পৃষ্ঠা:সম্ভৱতঃ.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাক জীয়াই থাকোতেওতো মাজে মাজে অদ্ভুতধৰণৰ এক অনুভৱে পুলি পোখা মেলি বহি লৈছিল তেওঁৰ বুকুত। এখন নদীৰ দাঁতিৰ বৰ্ষণমুখৰ এটা সন্ধ্যা আছিল এই অনুভূতিৰ উৎস। সেই সন্ধ্যাৰ এটা অনন্য মুহূৰ্তক অমৰ কৰি দিব পৰাকৈ সাহসী হৈ উঠিব নোৱাৰাৰ দুখে পীড়িত কৰিছে তেওঁক, নিঃসংগ কৰিছে। আজীৱন।

 ‘... তুমি ... তুমি কেতিয়াবা নিঃসংগ হোৱানে পৰিণীতা?’

 খুব কোমল, বসন্তৰ প্ৰথমজাক কিন কিন বৰষুণৰ দৰে এটা দৃষ্টি বৃদ্ধাৰ চকুত। যেন ভটিয়নি সোঁতে উটাই নি অতীতত এচাৰ মাৰি পেলাব খুজিছে পৰাণ বৰুৱাক! বৰষুণৰ গোন্ধৰ লগত মিহলি হৈ থকা খৰিকাজাঁইৰ দৰে এক স্নিগ্ধ সুগন্ধি যেন চাৰিটা দশকৰ আগৰপৰা বগুৱাবাই আহিব ধৰিছে তেওঁৰ ফালে।

 ওঁঠৰ কোনত ফটফটীয়া হাঁহি এটা বিৰিঙাই ক’লা শ্বলখনৰ তলৰপৰা দীঘল চেইন এডালত আঁৰি লোৱা হাঁহকণীৰ আকৃতিৰ এটা লকেট উলিয়াই আনিলে বৃদ্ধাই। শেঁতা লাহি আঙুলিৰ অপূৰ্ব ভংগীমাৰে লকেটটো দুভাগ কৰি বৃদ্ধক দেখুৱালে তেওঁ।

 এখনত যুৱতী পৰিণীতা আৰু আনখনত এজন সুন্দৰ উজ্জ্বল যুৱকৰ ছবি। যুৱকৰ ছবিখনলৈ ইংগিত কৰি বৃদ্ধাই ক’লে, ‘দিগন্ত – মোৰ স্বামী। তেওঁৰ স্মৃতিয়ে মোক কেতিয়াও নিঃসংগ হ’বলৈ দিয়া নাই।’

 আহত হ’ল বৃদ্ধ। প্ৰসংগ সলনিৰ প্ৰয়োজন অনুভৱ কৰিলে তেওঁ।

 ‘বিশ্ববিদ্যালয়ৰ দিনবোৰ মনত পৰেনে পৰিণীতা?’

 ‘কিছু কিছু। যিমানেই বয়স বাঢ়িছে সিমানেই মোৰ মনত শৈশৱৰ স্মৃতিবোৰহে উজ্জ্বল হৈ উঠিছে। আচৰিত কথা কি জানানে পৰাণ — এনে কিছুমান স্মৃতিৰ লগত মোৰ এটা এটা দীঘল পুৱা, সুদীৰ্ঘ আবেলি পাৰ হৈ যায় যিবোৰৰ দুবছৰৰ আগলৈকে কোনো ধৰণৰ অস্তিত্বই নাছিল।’

 পৰাণ বৰুৱাৰ মনত পৰিল মাকৰ অকাল আৰু অদ্ভুত স্মৃতিভ্ৰংশৰ বিষয়ে প্ৰজ্ঞানে এদিন কৈছিল তেওঁক।

 ‘যেনে ...?’ আগ্ৰহেৰে সুধিলে তেওঁ।

 ‘যেনে ... যেনে ধৰা হালধীয়া পখিলা এটা খেদি খেদি এদিন ওচৰৰে হাবি এখনত সোমালোগৈ। ... আৰু হঠাতে গছৰ মুঢ়া এটাত উজুটি খাই ঢেপেলা-ঢেপেল গছ এজোপাৰ ওপৰত উবুৰি খাই পৰিলো। গছজোপা চোৰাত আছিল। তেতিয়াৰ সেই যন্ত্ৰণাই পাঁচ-ছয় দশক অতিক্ৰম কৰি এতিয়াও মোৰ শৰীৰত থিত লয় জানানে! চোৰাতে ডকা কষ্টৰ মাজতে কেতিয়াবা পাৰ হৈ যায় সুদীৰ্ঘ এটা আবেলি ....’

 ‘আচৰিত। কিন্তু, তুমি সদায়েই বেছি অনুভৱী। স্পৰ্শকাতৰ। আৰু কোৱা—’

 ‘আৰু কি?’

 ‘তোমাৰ বৰ্তমান জুৰি বহি থকা স্মৃতিৰ কথা।’

 ‘... আৰু শুনিবা?’-হাঁহিলে বৃদ্ধাই। কপালৰ ভাঁজত জিলিকি উঠিল এটা প্ৰশ্নবোধক। লাহে লাহে প্ৰশ্নবোধকটো অন্তৰ্হিত হ’ল। বৃদ্ধাৰ সমগ্ৰ মুখমণ্ডলত পৰিব্যাপ্ত হ’ল স্মৃতি ৰোমন্থনৰ তৃপ্তি।

সম্ভৱতঃ ● ৬৭