অহা-যোৱা।
‘তুমি গান গাবলৈ এৰি দিলা নেকি পৰিণীতা?’ বৃদ্ধৰ প্ৰশ্ন। বৃদ্ধা নিৰুত্তৰ হৈ থাকিল।
‘তুমি ভাটখাণ্ডেৰ সংগীত শিক্ষা সমাপ্ত কৰিলানে?’ পুনৰ সুধিলে বৃদ্ধই।
এজাক বতাহ বলিছিল। মূৰটো সামান্য বেঁকা কৰি চকু মুদি বৃদ্ধাই দীঘলকৈ উশাহ ল’লে।
‘এই সময়খিনি মোৰ খুব প্ৰিয়। অলপ খোজ কাঢ়িবা নেকি?’ তেওঁ সুধিলে।
উত্তৰবিহীন প্ৰশ্নবোৰ বুকুতে সামৰি লৈ বৃদ্ধ বহাৰ পৰা উঠিল। জ্ঞাতসাৰে এদিনৰ বাবেও তেওঁ কেতিয়াও পৰিণীতাৰ অনুৰোধ উপেক্ষা কৰা নাছিল। কৰিব নোৱাৰে।
নদীখনৰ কাষৰ সৰু একা-বেঁকা পথটোৰে দুয়ো আগবাঢ়িল। টেক্সি, দুই এখন অটোৰিক্সা পাৰ হৈ গৈছে। এখন সৰু উদ্যানৰ চাপৰ পকী বেঞ্চ এখনত দুয়ো বহিল। ঠাণ্ডা বাঢ়ি আহিছিল।
‘মই যদি আগতে জানিলোহেঁতেন মোৰল’ৰাই তোমাৰ ছোৱালী বিয়া কৰাবলৈ ওলাইছে।’ বৃদ্ধই ক’লে।
‘জীৱনৰ সৰহভাগ ঘটনাই নভবাকৈয়ে ঘটি যায়। এই যে তোমাক লগ পালো এনেদৰে —ইমান দিনৰ মূৰত, এনে এটা পৰিৱেশত, মইতো কল্পনাও কৰা নাছিলো। তুমি ভাবিছিলানে?’ বৃদ্ধই সুধিলে। এইবাৰো বৃদ্ধা নিৰুত্তৰ। যেন বৃদ্ধৰ সকলো প্ৰশ্নক সজ্ঞানে উপেক্ষা কৰিবলৈ তেওঁ অংগীকাৰবদ্ধহে!
বৃদ্ধাৰ ডাঙৰ ল’ৰা প্ৰজ্ঞানে তেওঁৰ কাষতে বহি থকা বৃদ্ধ পৰাণ বৰুৱাৰ একমাত্ৰ সন্তান ঈশাণীক এমাহ পূৰ্বে ৰেজিষ্ট্ৰি কৰি বিয়া কৰাইছে। দুয়ো মুম্বাইত থাকে, বেংকৰ চাকৰিয়াল। বিবাহৰ তথাকথিত আনুষ্ঠানিকতাত অবিশ্বাসী দম্পতিয়ে বিবাহৰ পাছত তেওঁলোকৰ অত্যন্ত সৰু পৰিয়াল দুটাৰ অভিনৱ ‘মিট’ এটাৰ ব্যৱস্থা কৰিলে — এই সৰু পাহাৰীয়া চহৰখনত। এনেদৰেই ইয়াত এতিয়া লগ হৈছে ঈশাণী, প্ৰজ্ঞান, পৰাণ বৰুৱা, পৰিণীতা আৰু পৰিণীতাৰ কণিষ্ঠ পুত্ৰ ছানী।
বৃদ্ধাগৰাকীয়ে সোঁহাতখনেৰে দূৰলৈ আঙুলিয়াই দেখুৱালে—
‘দিগন্তৰ লগত আগতে ইয়ালৈ আহোতে সেই জনজাতীয় গাঁওখনলৈ গৈছিলো। সেই যে ঢিমিক-ঢামাক চাকিৰ পোহৰ জ্বলি আছে —সেইখনেই গাঁও। বেতেৰে খুব সুন্দৰ সামগ্ৰী তৈয়াৰ কৰে মানুহবোৰে। দামো সস্তা। দিগন্তই সৰু ফল্ডিং ঝুলনা এখন কিনিছিল, ছানীৰ বাবে।’
‘দিগন্ত ...’
‘অস। দিগন্ত মোৰ স্বামীৰ নাম।’
‘তেখেতক এবাৰ লগ পোৱাৰ ভীষণ ইচ্ছা আছিল।’
‘মানুহৰ সৰহভাগ ইচ্ছাই পূৰণ নহয়।
‘তেখেত কেনে আছিল? তুমি খুব সুখী আছিলা নিশ্চয়।’
‘তেখেত খুব দায়িত্ববোধসম্পন্ন লোক আছিল। প্ৰজ্ঞানে কৈছে ছাগৈ কেনেদৰে খুব কম বয়সতে তেওঁ ব্যৱসায়ত... ’ বৃদ্ধাৰ ওঁঠৰ ফাঁকেৰে হুমুনিয়াহ এটা সৰি পৰিল।