পৃষ্ঠা:সম্ভৱতঃ.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


এসন্ধ্যাৰ
নায়িকা


দীখন আপোনমনে বৈ আছে। বাৰিষা দুৰ্দান্ত হৈ পৰা নদীখনৰ শান্ত সমাহিত অৱয়ব সন্মুখত লৈ সৰু আটক ধুনীয়া ল’জটোৰ ওপৰমহলাৰ বাৰাণ্ডাত ওচৰা-ওচৰিকৈ বহি আছে দুজন মানুহ। কাণৰ কাষৰ চুলিত ৰূপালী ৰং লগা প্ৰায় ষাঠী- সত্তৰ বছৰীয়া মানুহগৰাকীৰ শৰীৰত বগা চিল্কৰ এখন শাৰী আৰু এখন ক’লা শ্বল। যৌৱনে শৰীৰৰ পৰা মেলানি মগাৰ পাছত এক আশ্বৰ্য স্নিগ্ধতা বিয়পি পৰিছে তেওঁৰ মুখত, দেহত। ঠিক সূৰ্য ডুবাৰ পাছত অস্তাচল জুৰি ওপঙি ৰোৱা অপৰূপ সুমথিৰাৰঙী উজ্জ্বলতাখিনিৰ দৰে। তেওঁৰ কাষৰ চোফাত এজন সমবয়সীয়া বৃদ্ধ। কৃত্ৰিম ৰঙাৰ স্পৰ্শ থকা মূৰৰ ৰূপালী চুলি পৰিপাৰ্টিকৈ ফণিওৱা। পিন্ধনত গ্ৰে ৰঙৰ চুট।

 বাহিৰৰ পৰা চালে মানুহজনক স্থিতপ্ৰজ্ঞ যেন লাগে যদিও ভালদৰে লক্ষ্য কৰিলে ধৰিব পাৰি তেওঁৰ বাহ্যিক সুস্থিৰতাৰ আঁৰত একধৰণৰ ছট্‌ফটনি মৃদুভাৱে বিয়পিবলৈ আৰম্ভ কৰিছে। ...তাৰপিছত শান্তি নিকেতনত থাকিলো অলপ দিন। তুমি জানা নহয় মোৰ বাইদেউ-ভিনদেউ নাইনিতালত আছিল। শান্তি নিকেতনৰ পৰা মই তালৈ গ’লো। বৰ ধুনীয়া ঠাই নাইনিতাল ...। সেউজীয়া আৰু সেউজীয়া ...। ঢেৰ অৰ্কিড। এবছৰৰ পাছত দেউতাৰ কথামতে এ চি এছ দিলো। তাৰ পাছত এয়া দোষী-নিৰ্দোষীৰ বিচাৰ কৰি কৰি যোৱা বছৰ অৱসৰ ল’লো।’—শেঁতা অথচ উচ্ছাসপূৰ্ণ মাত এটাৰে অৱসৰপ্ৰাপ্ত বৃদ্ধ হাকিমে কৈ গ’ল। মৃদুকৈ হাঁহিলে মানুহগৰাকীয়ে। হাঁহিলে তেওঁৰ গালত সৰুকৈ টোল পৰে। বৃদ্ধই টোলটোলৈ চালে।

 ‘তুমি বহুখিনি একে আছা।’ শেঁতা হুমুনিয়াহ এটাৰ মাজেৰে কঁপি কঁপি সৰকি আহিল বৃদ্ধৰ কণ্ঠ।

 এইবাৰ বৃদ্ধাই শ্বলখন আৰু অলপ টানি ল’লে। সৰু পাহাৰীয়া চহৰখনে সন্ধ্যাৰ পাতল এঙেৰুৱা সাজ পিন্ধিবলৈ আৰম্ভ কৰিছে।বাৰাণ্ডাৰ গ্ৰীলৰ ফাঁকেৰে দেখা পোৱা নতিদূৰৰ সেউজীয়া বননিয়ে কৃত্ৰিম পোহৰ আৰু পাতল এন্ধাৰৰ সংমিশ্ৰণত নিস্তেজ, বিষণ্ণ ৰূপ ধাৰণ কৰিছে। ব্যস্ত জনপথত কোনেও কালৈও উভতি নোচোৱা এজুম মানুহৰ
সম্ভৱতঃ ● ৬৪