তীব্ৰ গতিৰে পুলিচৰ কেইখনমান গাড়ী আহি অম্লানহঁতৰ ভাৰাঘৰৰ সন্মুখত ৰ’লহি। খপ্কৈ বন্ধ হৈ গ’ল বাঁহীৰ মাত। লগে লগে গুলিৰ শব্দই সমগ্ৰ এলেকাটো কঁপাই তুলিলে। উচ্প খাই উঠি মোক সাৱটি ধৰিলে পম্পাই।
‘গু...ৰু...ম...গু...ৰু...ম…….’ অম্লানহঁতৰ ভাৰাঘৰটো আৱৰি ধৰা আৰক্ষীৰ বন্দুকেৰে বৰষুণৰ দৰে গুলিবৰ্ষণ হ’বলৈ ধৰিলে। আমাৰ গেট খুলি খৰধৰকৈ সোমাই আহিল চুবুৰীয়া দিলীপ কটকী।
‘.....বৰ ভয়ংকৰ কথা শইকীয়া। সেই যে ৰাতি ৰাতি বাঁহী বজাইছিল ল’ৰাটো সংগঠনৰ ডাঙৰ নেতা বোলে। গুৱাহাটীৰ আটাইকেইটা বোমা বিস্ফোৰণ তাৰ নেতৃত্বতে হৈছিল আৰু এই যে ভাৰাঘৰত থকা ল’ৰাকেইটা – সিহঁতো সংগঠনৰ ল’ৰা। আপোনালোকৰ ঘৰলৈও আহ-যাহ আৰম্ভ কৰিছিল হেনো! পুলিচে সোধ-পোচ কৰিলে চিনি নাপাওঁ বুলি ক’ব। ডাঙৰ কথা হৈ যাব পাৰে। মই কথাটো জানিব পাৰি আপোনালোকক আগতীয়াকৈ খবৰ দিবলৈ আহিলো।’ উশাহ নসলোৱাকৈ কথাখিনি শেষ কৰিলে কটকীয়ে।
গুলীয়াগুলিৰ শব্দ তীব্ৰতৰ হৈ আহিছিল। সম্ভৱতঃ ঘৰটোৰ ভিতৰৰ পৰাও প্ৰতিআক্ৰমণ হৈছিল। গুৰুম-গুৰুম শব্দই ছানি ধৰিছিল আমাৰ সৰু পাহাৰীয়া এলেকাটোৰ আকাশ-বতাহ।
ভীতা হৰিণীৰ দৰে হৈ পৰিছিল পম্পাৰ কনমাণি চকু দুটা। মই কঁপা কঁপা দুহাতেৰে তাইৰ ভয়াৰ্ত চকুহাল ঢাকি ধৰিলো। পৰাহ’লে মই এতিয়া পম্পাক সাময়িকভাৱে বধিৰ কৰি পেলালোহেঁতেন। বন্দুকৰ এই প্ৰচণ্ড শব্দ শুনিব নালাগে তাই। পৰা হ’লে মই তাইক লৈ গ’লোহেঁতেন এনে এখন দেশলৈ য’ত তাই কেৱল চৰাইৰ কাকলি শুনিব। বাঁহীৰ সুৰ শুনিব। শুনিব ভোমোৰাৰ গুঞ্জন ... বৰষুণৰ চিপ্ চিপ্ শব্দ।
প্ৰায় দহ মিনিটজুৰি গুলীয়াগুলি চলি থাকিল। এসময়ত শব্দবোৰ শাম কাটিলে। পদূলিত সাংবাদিক, চুবুৰীয়াই জুম বান্ধিছিল। কটকীৰ লগতে জিতো ওলাই গ’ল। পম্পাৰ হাতত ধৰি বাৰাণ্ডাৰ পৰাই মই মানুহৰ জুমটোলৈ চাই থাকিলো। অলপ সময়ৰ পাছত জিৎ উভতি আহিল। এগিলাছ পানী গালে-মুখে চটিয়াই ছোফাত বহি হাত-ভৰি মেলি দিলে তেওঁ। হুমুনিয়াহ এটা চেপি ৰাখিবলৈ যত্ন কৰাত স্বগতোক্তিৰ দৰে শুনালে তেওঁৰ কণ্ঠ — ‘ডেডবডি চিনিবই নোৱাৰি। গুলিয়ে মুখ থকা সৰকা কৰি পেলাইছে।’
আৰক্ষীৰ গাড়ী, সাংবাদিকৰ ভিৰ, চুবুৰীয়া মানুহ সকলো আঁতৰি গ’ল এসময়ত। বন্ধ এটা কোঠাৰ ভিতৰত পম্পাক কোলাত লৈ জিতৰ কাষত বহি থাকিলো মই। টিভিটো অন কৰিবলৈ লৈ পুনৰ কিবা এটা ভাবি জিৎ বহি পৰিল।
কোঠাৰ টিউব লাইটৰ পোহৰবোৰে যেন অলৌকিক ৰূপহে ধৰিছিল! অদ্ভুত এক নিস্তব্ধতাৰ বুকুত জাহ হৈছিল এলেকাটো। পম্পাৰ চকুলৈ চাবলৈ মোৰ ভয় লাগিছিল। আস! ক’ৰবাত যদি ৰিণিকি ৰিণিকি বাজি উঠিলহেঁতেন এটা বাঁহীৰ মাত — কৰুণ, মধুৰ নিচুকনি গীতৰ দৰে।
কোঠাটো ডুবাই ৰখা গহীন নৈঃশব্দ্যত এইবাৰ বাঁহীৰ দৰেই বাজী উঠিল পম্পাৰ মাত
— ‘পাপা, নতুন আংকল ডেডবডি হৈ গ’ল নেকি? কোৱানা পাপা। নতুন আংকল....’ ❐ ❐