ওলোৱা ল’ৰা দুটাক জোৰ কৰি লুডু খেলিবলৈ বহুৱালে পম্পাই। চাহ একাপ আগবঢ়াই দি বিজনক সুধিলো মই – ইমান কৰুণকৈ বাঁহী বজোৱা যে! ডেকা ল’ৰা! কিহৰ ইমান দুখ তোমাৰ?’ বিষাদত ডুবি থকা বহল চকুহাল মেলি ধৰি ক’লে সি—
‘মালৈ কেতিয়াবা খুব মনত পৰে বৌ। পাঁচ বছৰৰ আগতে মাক শেষবাৰৰ বাবে দেখিছিলো।’
এইবাৰ মোৰ বিস্মিত হোৱাৰ পাল। ‘কিয়?’
অম্লান সামান্য বিৰক্ত হ’ল যেন।
‘কি হ’ব আৰু – ইগ’। ফাল্টু ইগ’ৰ বাবে ঘৰ এৰি আহি এতিয়া ট্ৰেজেদি ফালি মৰিছে।’ —অম্লানে ক’লে।
খন্তেক পাছতে লুডু সামৰি যাবলৈ ওলাইছিল অম্লান, বিজন। বিজনৰ পৰা ড্ৰয়িং শিকাৰ আগ্ৰহত পম্পাও সিহঁতৰ লগতে ওলাল।
সন্ধাৰ আগে আগে পম্পাক থৈ গৈছিল বিজনে। সিহঁতৰ দুকোঠলীয়া ঘৰটোৰ পৰা সেইদিনা সন্ধ্যাতে ভাঁহি আহিছিল বাঁহীৰ মাত। বিষণ্ণ, হৃদয়স্পৰ্শী সুৰ। অফিচৰ পৰা আহি মুখ হাত ধুই খাবলৈ বহা জিতৰ কোলাত বহি পম্পাই তাইৰ ড্ৰয়িং শিকাৰ খতিয়ান দিলে – ‘পাপা, নতুন আংকলে মোক আজি ঘৰ আঁকিবলৈ শিকালে। ... জানানে পাপা, খুব ধুনীয়া ছবি আঁকে নতুন আংকলে। মাকৰ ছবি আঁকিছে। মোক আৰু ছবি আঁকিবলৈ শিকাব আংকলে।’
‘তুমি কিহৰ ছবি আঁকিবানো মাজনী?’ এচকল ব্ৰেড পম্পাৰ মুখত তুলি দি আদৰেৰে সুধিলে জিতে।
‘ডেডবডি’ৰ।
উচপ খাই উঠিলো মই। কি কয় এয়া পম্পাই! অৰ্থ নজনাকৈয়ে কেনে কিছুমান ভয়ংকৰ শব্দ আজিৰ শিশুৰ চিনাকি হৈ পৰিছে! অদ্ভুত এক ব্যথাই মোৰ বুকুখন মুচৰি পেলালে। পম্পাক কোলাত তুলি খিৰিকীৰ সন্মুখত থিয় হ’লো মই। ওখ ওখ বিল্ডিঙে আকাশ ঢাকি আছে। তাৰ ফাঁকেৰে ওলাই থকা আকাশৰ ক্ষুদ্ৰ টুকুৰাটোলৈ আঙুলিয়াই দেখুৱালো পম্পাক —‘নহয় মাজনী, তুমি ডেডবডি আঁকিব নালাগে। সৌৱা চোৱা — আকাশ ...। তুমি আকাশৰ ছবি আঁকিবা। জোন আৰু তৰাৰ ছবি আঁকিবা।
‘আকাশৰ ছবিত কি ৰং দিম, মা?’
“কিয় —নীলা আকৌ!’
‘আকাশতো নীলা নহয়!’
হতভম্ব হৈ পৰিলো মই। ঠিকেইতো। আকাশ বুলি মূৰৰ ওপৰৰ যি নিঃসীম উচ্চতালৈ আঙুলি টোৱাই দেখুৱাইছো পম্পাক, সেয়া সঁচাকৈয়ে নীলা নহয়। মহানগৰীৰ যান্ত্ৰিক পোহৰে, প্ৰদূষিত বায়ুয়ে শুহি পেলাইছে সমস্ত নীলা। কি ক'ম এতিয়া পম্পাক! বিজনৰ বাঁহীৰ মাতটোৱে তেতিয়াও যেন আকুলি-বিকুলিকৈ মাতি আছিল কাৰোবাক!
‘ঠিক আছে। তুমি বাৰু আকাশ আঁকিব নালাগে। পাপাক আঁকিবা। মোক আঁকিবা। নতুন আংকলে বজোৱা বাঁহীটো আঁকিবা।’