সময়ৰ আহ্বান আৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰাসংগিকতা সমাজ-জীৱন আজি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত । অর্থনৈতিক বিশ্বায়নৰ হাতে হাত ধৰি অহা সাংস্কৃতিক আগ্রাসন, বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত পৰিৱৰ্তন, গণতান্ত্ৰিক ব্যৱস্থাৰ চূড়ান্ত অধঃপতন, দুর্নীতিত আকণ্ঠ নিমজ্জিত ৰাষ্ট্ৰ-ব্যৱস্থা, ক্ষুদ্র জনগোষ্ঠীসমূহৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম, বৈজ্ঞানিক বিশ্বাসক প্ৰত্যাহ্বান জনাই চৌদিশে মূৰ দাঙি উঠা বিভিন্ন মন্ত্র-তন্ত্র, তাবিজ-মাদুলি, বাবা-মহাৰাজ আদিৰ প্ৰতি মানুহৰ বাঢ়ি অহা আস্থা আদি এশ- এবুৰি সমস্যাই সমাজক চাৰিওপিনৰ পৰা হেঁচি ধৰিছে। তাৰ মাজতে অসমৰ সমাজখনত আকৌ মূৰ দাঙি উঠিছে অসমীয়াৰ সংজ্ঞা নির্ধাৰণৰ সমস্যাই। এনে এক সংকটাকীর্ণ সময়ৰ বুকুত থিয় হৈ যদি আমি প্রশ্ন কৰো যে এনে পটভূমিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন-দৰ্শনে আমাক এনে সময়ত কিবা বাট দেখুৱাব পাৰেনে? তেতিয়া নিশ্চয় এই নতুন পটভূমিৰ প্ৰয়োজনীয়তাত আমি গুৰুজনাৰ প্ৰাসংগিকতাৰ দিশবোৰ নতুন ধৰণে বিবেচনা কৰিব লাগিব। কিন্তু এটা প্রশ্ন স্বাভাৱিকতে আহিব যে আজি চাৰেপাঁচশ বছৰ ধৰি গুৰুজনাৰ জীৱন আৰু তেওঁ দি যোৱা সম্পদৰাজিৰ ওপৰত অজস্ৰ আলোচনা হোৱাৰ পিছতো এনে বিবেচনাৰ অৱকাশ আছেনে ? উত্তৰত আমি এই কথা ক'ব লাগিব যে সমৃদ্ধ আৰু পৰিপূৰ্ণ জাতি এটাৰ আটাইতকৈ উল্লেখনীয় বৈশিষ্ট্যই হ'ল অতীজৰ সম্পদৰাজিৰ প্ৰতি এক আলোকসন্ধানী দৃষ্টি । অতীতৰ সম্পদৰাজিক অন্ধ অতীতপ্ৰীতিৰ সময়ৰ আহ্বান আৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰাসংগিকতা – ১
পৃষ্ঠা:সময় আৰু সংকেত.pdf/৯
অৱয়ব