প্ৰাচীন ভাৰতৰ সভ্যতাৰ ইতিহাসত কামৰূপৰ অৰ্থাৎ আসামৰ
স্থান অতি গৌৰৱজনক। অতীজতে ভাৰতত দেভিডিয়ান অৰ্থাৎ
দ্ৰাবিড়ী বংশৰ মানুহৰ বসতি আছিল। দ্ৰাবিড়ীবিলাকো ভাৰতৰ
আদিবাসী মানুহ নহয়। পণ্ডিতসকলে পিব কৰিছে, যে দ্ৰাবিড়ীবোৰ
আফ্ৰিকা মহাদেশৰপৰা অহা মানুহ; আৰু ভাৰতৰ উত্তৰ পশ্চিমেদি
আহি ভাৰতত সোমাইছিলহি। কোনো কোনো পণ্ডিতে অনুমান
কবে যে অতি পুৰণিকালত লেমুৰিয়া নামৰ এডোখৰ ঠায়ে আফ্ৰিকাৰে
সৈতে ভাৰতক লগ লগাই থৈছিল; কালক্ৰমত সেই ঠাইডোখৰ
সাগৰৰ গৰ্ভত লীন হল। একালত গোটেই ভাৰত জুৰি দ্ৰাবিড়ী
জাতিৰ বসতি আছিল বুলি তেওঁলোকে কয়। আৰ্য্যৰ সোঁত যেতিয়া ভাৰতলৈ
বলিবলৈ ধৰিলে, দ্ৰাবিড়ীবোৰ সেই সোঁতৰ হেঁচাত দক্ষিণ ভাৰতত
থুপ খালেগৈ আৰু যিবোৰ কাষৰে-পাজৰে বৈ গল, সেইবোৰ আৰ্য্যৰ
ভিতৰত সোমাই জাতিবিভাগৰ তল- শ্ৰেণীত পৰিল। অসমতো
দ্ৰাবিড়ী জাতিৰ বসতি আছিল; আৰু তেওঁলোকে পছিম ফালৰপৰা
আৰ্য্যৰ আৰু পূৰ্ব ফালৰপৰা অনাৰ্য্য মঙ্গোলীয় জাতিৰ হেঁচা খাইছিল।
এনে দুফলীয়া হেঁচাত পৰি তেওঁলোকৰ স্বভাৱতে আত্মবিলোপ
ঘটিছিল।কোনো কোনো পণ্ডিতৰ মতে আসামৰ নদীয়াল
কৈৱৰ্ত্তজাতিয়েই সেই দাবিড়ী জাতিৰ অৱশেষ।
আৰ্য্যজাতিৰ ডাঙৰ সোতাটো উত্তৰ-পশ্চিমৰ বাটেদি আসামত সোমাইছিলহি। আন এসোতো, খুব সম্ভৱ, ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে সদিয়াই দি অৰ্থাৎ উত্তৰ-পূৰ্ব্বৰ বাটেদি আসামলৈ আহিছিল। শ্ৰদ্ধাস্পদ শ্ৰীযুত ৰজনীকান্ত পদ্মপতি আৰু ৰায় বাহাদুৰ শ্ৰীযুত আনন্দচন্দ্ৰ আগৰ ৱালাই এই বিষয়ে অনেক প্ৰমাণ দেখুৱাই অনেক প্ৰৱন্ধ লেখিছে। সেই প্ৰবন্ধবোৰ সকলোৱে ভালকৈ পঢ়া উচিত। এই দুইজনৰ ওচৰত আমি ধৰুৱা।