আসন লব লাগিব। অসমীয়াৰ নাম জগতত জিলিকি উঠিব লাগিব।
পৃথিবীৰ প্ৰায়বিলাক মহৎ কামেই সৰু আৰম্ভণিৰ পৰাই হয়। এটি
এটি সৰু গুটিৰ পৰাই একো একো জোপা ডাঙৰ গছ হয়। বন্ধু সকল!
বহুতদিনৰ আগয়ে সেই এমুঠি কলিকতীয়া অসমীয়া ছাতৰে অসমীয়া
ভাষাৰ উন্নতি সাধিনী সভাৰ যি প্ৰথম বীজ পুতিছিল কোনে ভাবিছিল
তেতিয়া যে সেই বীজেই এজোপা প্ৰকাণ্ড বৰ গছ হৈ শান্তিৰ শীতল
ছাঁৰে গোটেই আসাম আবৰি ধৰিব? কোনোবাই তেতিয়া কল্পনাও
কৰিব পাৰিছিলনে যে কেতিয়াবা এসময়ত এই অসমতে আমি সকলো
একেলগ হৈ এইদৰে এখনি মহতী সভা পাতি মাতৃমন্দিৰত পুষ্পাঞ্জলি
দিব পাৰিম। কিন্তু আজি কি দেখিছো? দেখিছো, সেই পঢ়াশালিৰ
ছাতৰৰ দুৰ্ব্বল ডিঙিৰপৰা ওলোৱা সেই দুৰ্ব্বল মাত, সেই ক্ষীণ কণ্ঠস্বৰ
লাহে লাহে ডাঙৰ সবল আৰু শকত হৈ আজি গোটেই আসাম ইমূৰৰ
পৰা সিমূৰলৈকে প্ৰতিধ্বনিত কৰিছে – আজি পূৱৰপৰা পশ্চিমলৈ,
উত্তৰৰপৰা দক্ষিণলৈকে গোটেই অসমে একেলগে সেই মাতৰ লগত
যাত মিলাই গভীৰ উদাৰ সুৰেৰে মাতৃভাষাৰ আৰতি কৰিছে—
ষোড়শোপচাৰে মাতৃ-পূজাৰ আয়োজন কৰিছে। বন্ধুসকল, আহক
আজি এই আনন্দৰ দিনত এই ৰসৰ মেলাত, এই আয়োজনত আমাৰ
যথাসাধ্য শক্তি, স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ কাৰণে নিজৰ ভাই-
ভনীৰ মঙ্গলৰ কাৰণে, মাতৃভাষাৰ সেৱাৰ কাৰণে উছৰ্গা কৰি ইহ জনম
সাম্ফল কৰি আমাৰ জীৱন ধন্য কৰোহঁক। এই মাতৃভাষাৰ উন্নতিয়েই
আমাৰ দেশৰ উন্নতি—আমাৰ স্বজাতিৰ উন্নতি; এই মাতৃভাষাৰ সেৱাই
আমাৰ দেশৰ সেৱা – আমাৰ জাতীয় জীৱনৰ আনন্দৰ বিজয় পতাকা,
আমাৰ লুপ্ত গৌৰৱৰ পুনৰুত্থান - আমাৰ জীৱন কৰ্ত্তব্যৰ শিৰৰ মুকুট।
আহক, তেন্তে আজি এনে এটি শুভক্ষণত আমি হৃদয়ৰ পৰা ক্ষুদ্ৰ
সংঙ্কীৰ্ণতাৰ ভাব দূৰ কৰি এই মাতৃভাষাৰ যজ্ঞবেদীতে মুকলি আকাশৰ
তলত মুকলি মনেৰে মুকলি প্ৰাণেৰে সকলোকে এবাৰ ভাই ভাই বুলি
উলাহেৰে আকোৱালি ধৰি একেটি সুৰতে হৰ মিলাই গাঁও “জয়
অসমীয়া ভাষাৰ জয়, জয় অসমৰ জয়, অসম জননীৰ জয়।” “নমো
শতবাৰ হে মোৰ জননী চিৰ জীৱনৰ সাধনা” – “ওঁ মধু বাতাঝতায়তে
মধুক্ষৰতিসিঞ্চৰ: মাধ্বীৰ্ণঃ সন্তোষধাঃ।”
পৃষ্ঠা:সভাপতিৰ অভিভাষণ.pdf/৭৫
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
নাট্য সাহিত্য