সমললৈ যাওক

পৃষ্ঠা:সভাপতিৰ অভিভাষণ.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭০
সভাপতিৰ অভিভাষণ


নিজেই আচৰিত মানিবা, ফলত অচিতে তোমাৰ উন্নতি, তোমাৰ মাতৃ-ভূমিৰ উন্নতি অৱস্থাৰ উন্নতি সাধিত হব; আৰু জগতৰ জ্ঞান আৰু সম্পদৰ ভঁৰালত তুমিও এজন দাতা হৈ অসীম গৌৰৱ আৰু অমূল্য আত্মপ্ৰসাদ লাভ কৰিব পাৰিবা।

 শেহত কওঁ যে মই আজি আপোনালোকক নতুন কথা একো কোৱা নাই আৰু কবলৈ শঙ্কাও নাৰাখো। পুৰণি বাহি কথাকে লুটিয়াই বগৰাই কৈছোঁ মাথোন। মই কোৱা কথা কাৰো মনে খাইছে যদি ভাল, নাই খোৱা যদি দলিয়াই পেলাওক। আমাৰ দেশৰ সৰ্ব্বতোভাৱে কেনেকৈ মঙ্গল হব সেই চিন্তা আপোনাসকলেও কৰিছে আৰু কৰিবৰ মাতৃভূমিৰ সকলো সন্তানৰে অধিকাৰো আছে। সেই অধিকাৰৰ বলতে বলী হৈ এই নিঃকিনেও বিদেশত পৰি থকা সত্ত্বেও সেই ভাৱতে অনুপ্ৰাণিত হৈ মাতৃভূমিৰ মঙ্গল কামনা হিয়াত সদায় সজাগ কৰি ৰাখিবৰ চেষ্টা কৰিছে। সেই কাৰণেই বন্ধুসকল! আজি আকৌ এইটো ডাঠকৈ কওঁ যে আপোনাসকলে সাৰোগত কৰি জানিব অসমীয়া ভাষাৰ উন্নতি, অসমৰ উন্নতিৰ প্ৰথম ঢাপ। হব পাৰে আমাৰ মানুহৰ লেখ তাকৰ, হব পাৰে আমাৰ অৱস্থা টনকিয়াল নহয়; কিন্তু সেইবুলিয়েই ভাৰতৰ আন প্ৰদেশৰ মানুহৰ সৈতে সমানে আগবাঢ়িব নোৱৰাত মনক মিছা প্ৰবোধ দি ঘৰত দুৱাৰ মাৰি বহি থাকিম নে? তেনেহলে ভাৰতৰ জীৱন জাতীয় যুগত আমাৰ আসন কত? আজি যি এটা নতুন ভাবৰ সোঁতে গোটেই ভাৰত চৌৱাই পেলাইছে আৰু যি আমাৰ অসমকো এচুকে দি ছুই গৈছে সেই ভাৱৰ ঢৌৱে আমাৰ হৃদয়ত খলকনি নলগাব নে? লেখত তাকৰ বুলি জগতৰ এই জাগৰণৰ যুগতো আমি শুই থাকিব লাগিব নে? সেইটো হব নোৱাৰে। আমি আমাৰ অসমীয়া নাম লোপ পাবলৈ দিব নোৱাৰো। এই নৱ জাগৰণৰ যুগত ভাৰতৰ আন প্ৰদেশৰ লগত আমি সমানে