কথা বাকী থাকিল। কিন্তু আজিৰ বক্তৃতা দীঘল হৈ পৰিল। সেই
দেখি তাক টানি আৰু দীঘল কৰিবলৈ গলে অন্যায় কৰা হব। মুঠতে
ইয়াকে কওঁ যে কেতিয়া হব কব নোৱাৰো, কিন্তু যেতিয়া প্ৰত্নতত্ত্বৰ
বিষয়ে আমাৰ ৰীতিমতে অনুসন্ধান, গবেষণা আৰু চৰ্চ্চা হব আৰু তাৰ
ফলত ভূগৰ্ভ নিহিত পুৰণি সভ্যতাৰ বুৰঞ্জী ভূপৃষ্ঠান্বিত হৈ জগতৰ দৃষ্টিৰ
গোচৰীভূত হব, তেতিয়া প্ৰাচীন সম্পদৰ গৌৰৱত অসমে শ্ৰেষ্ঠ আসন
অধিকাৰ কৰিব বুলি আমি দৃঢ়বিশ্বাস কৰো। এই কাৰ্য্য কৰিবলৈ
ধনৰ শক্তি, উদ্যমৰ শক্তি বিচাৰি বিবেচনাৰ শক্তি, ঘাইকৈ নিস্বাৰ্থতাৰ
মহাশক্তিৰে বিমণ্ডিত ত্যাগী লোক কিছুমানৰ আৱশ্যক; যিসকলে
শিলগুটি এটাত বা তামৰ ফলি এখনত হাত দিয়েই মইবৰ প্ৰাত্নতাত্মিক
বুলি ওফন্দি ফুৰা গোত পৰিত্যাগ কৰিব পাৰিব। এইবোৰ যি হওক,
এই বিষয়ত আমাৰ দেশত যি সকলে মনযোগ দিছে, তেওঁলোক
আমাৰ নমস্ত ভাল উদ্দেশ্য হিয়াত লৈ কাম কৰি গলেই এদিন তাৰ
সুফল পোৱা যাব। কোনে জানে, শিলগুটি পটা গুটি খেপিয়াই
ফুৰোতে ফুৰোতে এদিন তেওঁলোকৰ হাত শালগ্ৰামত নপৰিবগৈ।
ডিৰেক্টৰ জেনেৰেল অব্ আৰ্কিওলজি ইন ইণ্ডিয়া ছাৰ জন মাৰ্ছেলৰ পিৰ্ট এটা সিদিনা বাতৰিকাকতত পঢ়িছিলো। পঞ্জাব আৰু সিন্ধু প্ৰদেশত খান্দোঁতে ভূগৰ্ভৰ এটা স্তৰৰপৰা এনেকুৱা কিছুমান বস্তু ওলাইছে, যিবোৰে ৫০০০ বছৰৰো আগৰ ভাৰতৰ সভ্যতাৰ বাতৰি দিয়ে। ছাৰ জন মাৰ্ছেলে লিখিছে :-
“Now we find that five thousand years ago the people of Sind and the Punjab were living in well- built cities and were in possession of a relatively mature civilization with a high standard of art and craftmanship and a developed system of writing."