কলো। শ্ৰদ্ধাস্পদ সন্দিকৈ ডাঙৰীয়াই তেওঁৰ “মূলা গাভৰু” নাটৰ
পাতনিত লেখা আধাৰচেৰেক কথা এইখিনিতে তুলি দি কওঁ যে,
তেখেতৰ কথাতে আমিও সম্পূৰ্ণৰূপে হয় বুলিছো। তেখেতে লিখেছে,
– “আজিকালি আমাৰ দেশৰ সকলো মানুহৰে থিয়েটাৰ চাবলৈ বা
কৰিবলৈ বৰ আগ্ৰহ হৈছে। কিন্তু নাটক নহলে থিয়েটাৰ নহয়।
বেজাৰৰ কথা যে সেই পৰিমাণে অসমীয়া নাটকৰ যোগান হোৱা
নাই। সকলোৱে জানে যে থিয়েটাৰ ভাওনাত পটপাত্ৰ দেখুৱাই
কোনো বিষয়ে জনসাধাৰণক শিক্ষা দিলে যিমান শীঘ্ৰে আৰু সহজে
উদ্দেশ্য সাধন হয়, সভা-সমিতি বক্তৃতাৰ দ্বাৰাই সিমান সোনকালে
ফল নধৰে।.........তালৈকে লাগে আমাৰ নিজ দেশৰ বুৰঞ্জীমূলক
নিজ সমাজৰ ৰীতি-নীতিবিষয়ক নাটক। এনে নাটক লিখিবলৈ
আমাৰ নিজ দেশৰ সজুলিও জোখাৰে আছে। কিন্তু ঘৰৰ বস্তুৰ
লগত আমাৰ ৰাহি নাহে। যি কথা শুনালে আমাৰ জনসাধাৰণে
বেগাই বুজে,যি বস্তু আগত ধৰিলে সতকাই চিনে, যি ভাও আগত
মেলিলে সহজে জাতীয় ভাব অন্তৰত জলে, যি আদৰ্শ উপমা দেখুৱালে
স্বজাতি স্বদেশলৈ প্ৰেম-ভক্তি জন্মে, যাৰ কথা কীৰ্ত্তন কৰিলে আমাৰ
অতীতৰ গৌৰৱলৈ মনত পৰি হৃদয়ত উলাহ জন্মে, সেইবোৰলৈ পাছ
দি আমি চপাই ধবো বিদেশৰ বিদেশী ভাষাত লিখা কথাবোৰ, যাৰ
ভাব, মৰ্ম্ম আৰু গুণ আমাৰ মানুহে সহজে বুজিব আৰু লব যোৱাৰে।
নিজৰ কল্পনা-শক্তি, চিন্তা-শক্তি ৰচনা-শক্তি বঢ়াবলৈ চেষ্টা নকৰি আমি
কৰো—লোকে লোকৰ ভাষাত লিখা উপন্যাস নাটকবোৰ তৰ্জ্জমা।
এইদৰে বিদেশী বস্তু আদৰ কৰা একেবাৰে বেয়া বুলি নকওঁ। আৱশ্যক
মতে বিদেশী বস্তু নকল আৰু ব্যৱহাৰ কৰি আমাৰ ভঁৰাল চহকী
কৰা বাঞ্ছনীয়। কিন্তু স্বদেশী বস্তুৰ ফালে আওকাণ দিয়াটো অমঙ্গলৰ
চিন!”
পৃষ্ঠা:সভাপতিৰ অভিভাষণ.pdf/৬৮
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৪
সভাপতিৰ অভিভাষণ