সমললৈ যাওক

পৃষ্ঠা:সভাপতিৰ অভিভাষণ.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬১
সাহিত্যৰ ভাষা


মহিমাৰে বিষণ্ডিও হব। আৰু সেই সৰল ভাষাই সফল মানুহৰ অন্তৰ স্পৰ্শ কৰিবই কৰিব। আনপিনে সাহিত্যিকজন যদি জেলেপীৰ পাক হয়, তেন্তে তেওঁ যিমানকে ঘৰুৱা উজু ভাষাৰে তেওঁৰ ৰচনা লেখক সেই ৰচনাই, তেওঁৰ ভাব যিমানেই মহাবীৰ মহাৰথী হওক, চক্ৰবেহু সৃজন কৰি সেই ভাব অভিমন্যুক বন্ধ কৰিবই। মুঠতে লেখকে সাধু- ভাষাতেই লেখক বা মৌখিক ভাষাতেই লেখক, ৰচনাত অন্তৰ প্ৰাণ ঢালি দিলেই সেই ৰচনা সাহিত্য হব। সাহিত্যৰ ৰচনা অকল উজু আৰু স্বাভাবিক হলেই যে হল, এনে নহয়; সি উপাৰ, মহৎ আৰু শ্ৰীমন্ত হোৱাও আৱশ্যক! মুঠতে কওঁ যে সাহিত্যত মৌখিক ভাষা আৰু সাধুভাষা দুইটালৈ স্থান আছে। প্ৰতিভাবান লেখকে যেতিয়া যিটোকে অন্তৰৰ প্ৰেৰণাৰ উপযোগী যেন দেখে, সেইটোকে ব্যৱহাৰ কৰে। প্ৰতিভাবান লেখকৰ হাতত দুইটাৰ সম্মিলন ঘটি মনোহৰ সাহিত্যৰ সৃষ্টি হয়।

 প্ৰত্যেক দেশৰে স্বাধিকাৰ লাভ লগে লগে সেই দেশৰ সাহিত্য, শিল্প কলা, নাট্যশিল্পই সাৰ পাই উঠে। মুক্তাবস্থাৰ অন্তৰ আনন্দ উন্মেষিত হৈ এই বিষয়বোৰত পল্লবিত কুসুমিত হয়।ফ্ৰান্সত ৰুছো ভণ্টেয়াৰ, ভিক্তৰ হিউগো; জাৰ্মানীত গ্যেটে; ইংলণ্ডত ছেক্মপিয়েৰ, ভাৰতত বিক্ৰমাদিত্যৰ সময়ৰ কালিদাস প্ৰভৃতি এই কথাৰ সাক্ষী। জগতৰ লাভৰ হিছাপত এক গেটে হাজাৰ মন্টকেৰ সমান; এক শেক্সপিয়েৰ, তেতিয়াৰ কথাকে নকওঁ, আজিৰ সসাগৰা পৃথিবীৰ তিনি ভাগৰ এভাগৰ অধীশ্বৰ বৃটিশ, ইম্পিৰিয়েলিজম আৰু এম্পায়ৰতকৈ ডাঙৰ। দূৰলৈ যাবই নালাগে বঙ্গদেশৰ জাতীয় জাগৰণৰ সামান্য আভাসৰ স্পৰ্শত উঠা বংকিমৰ “বন্দেমাতৰম”, দ্বিজেন্দ্ৰলালৰ “আমাৰ জন্মভূমি” ৰবীন্দ্ৰনাথৰ “সোণাৰ বাংলা”ই শতেক বছৰৰ সাহিত্য সাধনাৰ সমান ফল প্ৰদান কৰিছে। এই আভাসৰ ক্ষন্তেকীয়া স্পৰ্শই বঙ্গ