কোলা ভাষাৰ মাজেদিয়েই আমি দিনে) আমাৰ অন্তৰ সকলো
ৰকম ভাষাকে প্ৰকাশ কৰো। বং প্ৰকাশ কৰোতেও সেই ভাষা;
মৰম কৰোতেও মৰমৰ বাণী সেই ভাষা; প্ৰেম কৰোতেও প্ৰেমৰ
প্ৰতিধ্বনি সেই ভাষা। তেন্তে নো বাহিৰা পোছাকী সাধুভাষা এটাৰ
আশ্ৰয় লওঁ কিয়? যদি সাহিত্যৰ উদ্দেশ্য হয়, আন্তৰিক ভাব-বৈচিত্ৰ্যৰ
বাহ্যিক প্ৰতিস্ফুৰ্ত্তি, তেন্তে স্বতঃস্ফুৰিত ভাষা এটাৰ সাহাৰ্য্য পৰিত্যাগ
কৰি কৃত্ৰিম সাধুভাষা এটাৰ সহায় লবলৈ যাওঁ কিয়? সদায় সকলো
সময়তে ভাব প্ৰকাশক প্ৰাণশক্তিপূৰ্ণ মৌখিক ভাষাক বৰ্জন কৰি
দহজন পণ্ডিতে প্ৰস্তুত কৰা ভাষা এটাক গ্ৰহণ কৰো কি বুলি?
সাহিত্যক যদি সৰ্ব্বসাধাৰণৰ উপভোগৰ বস্তু কৰিব লাগে, তেস্তে
সৰ্ব্বসাধাৰণে ব্যৱহাৰ কৰা ভাষাত নিশ্চয় তাক গঢ়িব লাগিব।
এই খিনিতে এতিয়া এটা কথা ভাবি চোৱা উচিত : সাহিত্য
সঁচাকৈয়ে সৰ্ব্বসাধাৰণৰ নিমিত্তে নে? সৰ্ব্বসাধাৰণ শব্দটো এই খিনিত
ইংৰাজী Mob শব্দৰ অৰ্থবাহক ৰূপে ব্যৱহাৰ কৰিছো। সাহিত্যক
বাস্তবিকে "মদ" উপযোগী কৰি প্ৰস্তুত কৰিব পাৰিলে তো বঢ়িয়া
কথাই; কিন্তু সম্ভৱ নে? এক প্ৰকাৰে সেইটোক অসাধ্য কামকে
বুলিব লাগে। আজিলৈকে কোনো সভ্য দেশত তেনেকুৱা কিন্তু
হোৱা নাই। সাহিত্যও দৰ্শন, বিজ্ঞান আৰু আৰ্টৰ নিচিনাকৈ
সাধাৰণৰ অৰ্থাৎ “মবৰ” ওপৰ খাপৰ বস্তু নহয় জানো? দৰ্শন, বিজ্ঞান,
আৰ্টৰ নিচিনা সাহিত্যও মহৎ বস্তু। জগতত সকলোবোৰ মহৎ বস্তুৱেই
অসাধাৰন। সাধাৰণে সহজে যিটো নেদেখে, অনুভৱ কৰিৱ নোৱাৰে;
সেইটোৱেই মহৎ। তাৰ ওলোটাটো সাধাৰণ হৈয়ে ৰব। উদাহৰণ-
-স্বৰূপে ধৰক, কলিকতাৰ কালীঘাটত অঁকা ছবিবোৰ। সাধাৰণে সেই
ছবিবোৰ স্বচ্ছন্দে বুজে, আৰু কিনি ঘৰলৈ লৈ যায়। কিন্তু সেই ছবি-
বোৰত চিত্ৰ-কলাৰ কিবা পদাৰ্থ আছে নে? ৰাফেলৰ, ভেনডাইকৰ,
পৃষ্ঠা:সভাপতিৰ অভিভাষণ.pdf/৬২
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৮
সভাপতিৰ অভিভাষণ