যাওক, এইখিনিতে সাহিত্যৰ ভাষাৰ সঙ্গন্ধে আষাৰচেৰেক কথা
কওঁ বুলিছো। সকলোৱে জানে যে এই বিষয়ে আজিকালি দুটা মত
প্ৰচলিত। এটা হৈছে, সাহিত্য সাধুভাষাৰ ৰচিত হব লাগে।
আনটো—দিনৌ ঘৰুৱা পৰুৱা কথা কওঁতে যি ভাষা ব্যৱহাৰ কৰা যায়,
সেই ভাষাত সাহিত্য ৰচিত হব লাগে। সাধু ভাষা মানে থাক
পণ্ডিতভাষা বোলা যায় অৰ্থাৎ সংস্কৃতৰ অনুস্বাৰ বিসৰ্গ বাদ দি যি ভাষা
হয়, অৰ্থাৎ যি ভাষা মাথোন সংস্কৃত শব্দৰ ভাৰ-পাচি অথবা যি ভাষাৰ
বৰ কাপোৰখন বুদ্ধিৰ দীঘ-বানিৰে বোৱা হয়, সেই ভাষাক একে
আষাৰে অগ্ৰাহ্য কৰি আমি এই বিষয়ে কথা কম। আমি এনে
সাধুভাষাৰ কথা কবলৈ গৈছো, যি ভাষা বঙ্গদেশৰ' সাহিত্যত, ঘাইকৈ
মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰে তেওঁৰ ৰচিত “ব্ৰাহ্মধৰ্ম্মৰ ব্যাখ্যান” নামৰ
কিতাপত, আৰু বঙ্কিমচন্দ্ৰ চেটাৰ্জীয়ে তেওঁৰ নভেলবোৰত ব্যৱহাৰ
কৰিছে। বঙ্গদেশৰ সাহিত্যত মৌখিক ভাষা আমি এইটোকে বুলিছো,
যি ভাষাত “আলালেৰ ঘৰেৰ দুলাল" নামৰ প্ৰথম বঙলা নভেলখন
ৰচিত হৈছে। আমাৰ আসামত এতিয়ালৈকে এই নতুন যুগৰ
সাহিত্যত সাধুভাষা আৰু মৌখিক ভাষাৰ মাজত বঙ্গদেশৰদৰে এনে
এটা ডাঙৰ ঢাপৰ সৃষ্টি হোৱা নাই। কিন্তু ভবিষ্যৎবাণী কৰিব পাৰে৷
যে কালক্ৰমত কম-বেছি তেনে ঢাপৰ বিভিন্নতাই দেখা নিদি নাথাকে।
সেই দেখি এতিয়াৰ পৰাই আমাৰ লক্ষ্য থকা উচিত, যাতে সেই
ঢাপটো দেৱ নোৱৰা ওখ হৈ নপৰে।
মৌখিক ভাষাৰে সাহিত্য ৰচনা কৰিবৰ প্ৰয়াসীসকলে কয় যে ভাষা ভাবৰ বাহন, ভাব ভাষাৰ বাহন নহয়।অৰ্থাৎ ভাষা-ঘোৰাৰ ওপৰত উঠি ফুৰা “চোৱাৰী” ভাব হে। ভাষা-ঘোৰাই যদি 'চোৱাৰীৰ ' কান্ধত উঠিবলৈ যায়, তেছে “ওলোটা বুজিলি ৰাম” হব! কথা