সমললৈ যাওক

পৃষ্ঠা:সভাপতিৰ অভিভাষণ.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৬
সভাপতিৰ অভিভাষণ


বালেও সাৰ্ভে-পথেহে একোৱাৰ আদৰাৰ বাব পাৰে। কিন্তু মই সোধো, এইটো হে যে, এই কুৰি বছৰ কালতে যদি “চাপ্‌ৰাছী” হেম বৰুৱাৰ “হেমকোষ পিজৰাপোলৰ” লায়ক হল, চাপৰাছ নোপোৱাসকলৰ কৰ্ম্মফলৰূপী অভিধানথনো যে তাৰ আদখিনি কালতে বুঢ়া হৈ বৰ ভাইৰ বাটেদি বাট বুলি পিজৰাপোলযাত্ৰী নহব তাৰ প্ৰতিবন্ধক কি? আজিকালি ওলোৱা বা ওলাইছে বুলি ৰৌটি ফুটাই দিয়া “মঙ্কি,গ্লেণ্ড ইনজেকশন” দৰব কাৰো হাতত আছে জানো? যদি মই ভয় কৰা কথা ঘটে, তেতিয়া দেখোন সহৃদয় পুত্ৰশোকাতুৰ সন্দিকৈ ডাঙৰীয়াৰ ইমানখিনি টকাৰ এই দানটোৰ মুখ্য উদ্দেশ্য বিফলে যায়। আৱশ্যক হলে, “হেমকোষ”তে দেখোন পৰিশিষ্ট স্বৰূপে নতুনকৈ সঙ্কলিত বা সংগৃহীত শব্দবোৰ লগাই দি হেম- কোষৰে কলেৱৰ বঢ়াই যাব পৰি। প্ৰথমতে “এনছাইক্লোপিডিয়া ব্ৰিটেনিকা” নামৰ ইংৰাজী অভিধানখন কি আছিল? তাক তো এইদৰেই ক্ৰমশঃ ১৪/১৫ “ভলিউমত” পৰিণত কৰা হৈছে।বেঙ্গলতো দেখিছো, আসামতো যে নাই দেখা এনে বুলিব নোৱাৰো; কোনো নতুন লেখকৰ হাতত স্বৰচিত কিছুমান প্ৰৱন্ধ গোটখালে, আৰু ঘাইকৈ যদি সেই প্ৰবন্ধবোৰ আন কাকতে অগ্ৰাহ কৰে, বা আন কাকতত ছপাবৰ অসুবিধা হয়; তেন্তে সেইজনে পোন বাট বিচাৰি পায়; - এখন ন-কৈ শকত উলিয়াই সেই প্ৰবন্ধবোৰ তাত ছপাই উলিওৱা- টোকে। কিছুদিনৰ পিছত সেই প্ৰৱন্ধৰ টোপোলাটোও উদং হয়; তেওঁৰ হানৰ খজুৱতিও মৰে; উছাহৰ পানী-টুপিও শুকাই যায়; আৰু তেওঁৰ কাকতেও ঈশ্বৰৰ নাম লৈ প্ৰাণ পৰিত্যাগ কৰে; আৰু গ্ৰাহকসকলেও গতি বিসঙ্গতি দেখি, কপালকে দুষি সেই মৃতকৰ আত্মাৰ সদগতি কামনা কৰি মনে মনে থাকে।