সমললৈ যাওক

পৃষ্ঠা:সভাপতিৰ অভিভাষণ.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৪
সভাপতিৰ অভিভাষণ


পধ্যে মানিব নোৱাৰো। অসমীয়া ভাষাত দিগ্‌গজ পণ্ডিত ডাঙৰীয়া হেমচন্দ্ৰ বৰুৱাৰ যহত সেই দুই বিষয়ত আমি চহকী। ইয়াৰ ভিতৰতে আমাৰ কলেবৰ ইমান বৃদ্ধিপ্ৰাপ্ত হলনে যে সেই দুখনে আমাকে ঢাকিবলৈ ন-টা হল? মোৰ হলে দেখোন মনে নধৰে। কাৰণ, মই হলে সেই দুখনকে আজিলৈকে সামৰি-সুতৰি গাত মেৰাই লব পৰা নাই,— ঢিলাহৈ ওলমি-জোলমি আছে। ওপৰত মই ব্যাকৰণ অভি ধানক ভাষা আৰু সাহিত্যৰ শিকলি বুলি আহিছো। অথচ শিকলি লাগে বুলিও কৈছো। এইটো অৱশ্যে সাগৰ ও নহয়; অথবা নাৰায়ণ দাস ঠাকুৰ আতাৰ তিনিশ তিনিকুৰি ফকৰাৰ ভিতৰুৱা এটা ফকৰা ও নহয়। সেই দেখি কওঁ যে, সুন্দৰী সকলে ডিঙিত পিন্ধা আৰু সুন্দৰ- সকলে চোলাৰ বুকুত বা হাতৰ সৰু গাঠিত ঘড়ীৰে সৈতে বন্ধা সোণৰ শিকলিহে আমাক লাগে; ফাটেকীয়া কয়দীৰ হাতে ভৰিয়ে ডিঙিয়ে ককালে লগোৱা লোৰ শিকলি নালাগে। হেম বৰুৱাৰ ব্যাকৰণ আৰু 'ঘাইকৈ অভিধানখনি আমি সোণৰ শিকলিৰ শাৰীত হে ধৰিছোঁ। .. ইয়াৰ উপৰি ন-কৈ অভিধান ৰচনা কৰিবলৈ গলে ভয় হয়, পাছে সি জিঞ্জীৰি হৈ পৰে। ইয়াৰ কাৰণো আছে। যাকে তাকে ধৰ্ম্মৰ বক্তৃতা দিয়া দেখি, পূজ্যপাদ ৰামকৃষ্ণ পৰমহংসদেৱে কৈছিল, যে “বক্তাজনে চাপ্‌ৰাছ পাইছেনে? চাপ্‌ৰাচ নাপালে সেই বক্তাৰ কথা কোনে শুনিব, কোনে মানিব?” পৰমহংসদেৱে চাপ্‌ৰাছ পোৱা মানে ঈশ্বৰৰ আদেশ, বা inspiration পোৱা বুজাইছিল। বাস্তবিকতে এইটো সঁচা কথাও। দেথকচোন, বাটে-পথে, বজাৰে-হাটে আৰু গিৰ্জায় ... আজিকালি কত খৃষ্টান পাদুৰিয়ে ধৰ্ম্মৰ বক্তৃতা দি ফুৰিছে; কিন্তু শুনিছে কেইজনে? শুনা মানে মন। – অৰ্থাৎ মানিছে কেইজনে? এশৰ ভিতৰত নিবান্নবইজনৰ একাণে সেই উপদেশ সোমাই সিকানে সৰকি ভূৰুংকৰে ওলাই গৈছে। অথচ humblest of the humble 3