সমললৈ যাওক

পৃষ্ঠা:সভাপতিৰ অভিভাষণ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৭
সাহিত্যৰ অৱস্থা


শেহত নাপাই ভাগৰি যেতিয়া ঘৰলৈ আহিলো: দেখো মোৰ সেই বুকুৰ ধন প্ৰিয়তমে মোৰ চোতালতে উমলিব লাগিছে।” এই কবি জনে যদিও বিশেষ একোটি বস্তুৰ বিষয়ে তেওঁলোকৰ কথা কৈছে, তথাপি সেই কথা বিশ্বমানৱৰ হৃদয়-তন্ত্ৰীত বাজি উঠিছে।

সাহিত্যৰ অৱস্থা

 মানুহৰ যেনেকৈ জীৱনৰ দুটা অৱস্থা, সাহিত্যৰো তেনে; কায়িক আৰু আধ্যাত্মিক। কোনো এটা জাতিৰ শৈশৱকালৰ সাহিত্য কায়িক, আৰু বয়সিয়াল অৱস্থাৰ সাহিত্য আধ্যাত্মিক বা আন্তৰ্দৃষ্টিক। বেলাড ( Ballad ) সাধুকথা প্ৰভৃতি প্ৰথম অৱস্থাৰ সাহিত্য। প্ৰকৃতিৰ সৌন্দৰ্য্য, জীৱনৰ হাঁহি কান্দোন ইত্যাদি প্ৰথম ডোখৰৰ উপাদান। অন্তৰ্দৃষ্টি, ৰসসৃষ্টি, ৰসোপলব্ধি আৰু অন্তৰৰ ভাৱ সৌন্দৰ্য্য- মণ্ডিত কৰি প্ৰকাশ, বিশালতা, বিপুলতা, সত্যশিবসুন্দৰৰ প্ৰতি ব্যাকুলতা, দ্বিতীয় অৱস্থাৰ লক্ষ্মণ। বৈদিক ঋষিসকল, ব্যাস, বাল্মিকী ডান্তে, হোমাৰ, ছেক্মপীয়েৰ, মিন্টন, কালিদাস এই দ্বিতীয় অৱস্থাৰ প্ৰতিভূ। এই অৱস্থা প্ৰথম প্ৰাণৰ আবেগৰ অধীন নহয়। ওখ পৰ্ব্বত ইয়াত নাই। শৰীৰ প্ৰাণ মন বাহিৰৰ বস্তু। আত্মাই হে একমাথোন অন্তৰৰ বস্তু। সাৰ্ব্বভৌমিক সাৰ্ব্বজনিক সাহিত্য অকল প্ৰাণৰ আবেগ বা চিন্তাৰ প্ৰৱাহ, বা মাথোন ইন্দ্ৰিয়ৰ অনুভূতিৰ বস্তুৱেই নহয়। সেই সাহিত্য দিব্যদৃষ্টিৰ সৃষ্টি। দিব্যদৃষ্টিয়েহে সত্য শিল্পক সুন্দৰকৈ দেখিব আৰু দেখুৱাব পাৰে। অৱশ্যে এই সাহিত্যৰ নিমিত্তে যে শৰীৰ প্ৰাণ মনক একেবাৰেই আওহেলাকৈ থব লাগিব, এনে, নহয়; শৰীৰ প্ৰাণ মনক আন এজোৰ চকুৰে চাব লাগিব, সেই জোৰ দিব্যচকু। সেই চকুৰে তাত অনন্তৰ ভাব আৰু প্ৰেমময়ৰ প্ৰেমৰ প্ৰেৰণা দেখুৱাব আৰু তেতিয়াহে সেই সাহিত্যত বিশ্বৰ মহাপ্ৰাণৰ মহানন্দৰ মহোৎসৱ সম্পাদিত হব।