যিটো ধৰিব নোৱাৰে, এনে এটা ইন্দ্ৰিয়াতীত মুক্ত অসীম, শান্ত শিবম্
ৰহস্থময় প্ৰহেলিকাময় বস্তু। এই কেল্টিক প্ৰতিভাৰে সৈতে ভাৰতীয়
প্ৰতিভাৰ সাদৃশ্য আছে। এই দানে ভাৰতৰ প্ৰাণৰ বস্তুটিকো য়ুৰোপীয়
সাহিত্যৰ কাষ চপাই দিছে। গ্ৰীক প্ৰেৰণাই বস্তুক সুন্দৰ সুঠাম
ভঙ্গিমা দি নয়নৰঞ্জন কৰি পূৰ্ণৰূপে প্ৰকাশ কৰে? প্ৰকৃতিৰ প্ৰতিকৃতি
চকুৰ আগত দাঙি ধৰে। অৰ্থাৎ ইংৰাজীৰে কবলৈ গলে "Holding
mirror up to Nature"। ৰোমৰ ভঙ্গিমাই বস্তুক গধুৰ, গম্ভীৰ, চমু,
দৃঢ় আৰু শন্তিপূৰ্ণ কৰি দেখুৱায়। ৰূপৰ সহায়ত অৰূপৰ আভাস
দিয়া, ৰূপ-সাগৰত বুৰ মাৰি অৰূপ-ৰতনক তুলি চকামকাকৈ চকুৰ
আগত ধৰা, বাক্য মনৰ অগোচৰ এটা অসীম অনিদিষ্ট বস্তুৰ ঐন্দ্ৰ
জালিক ভাব প্ৰকট কৰিবৰ প্ৰয়াস; যিটোক মানুহে অন্তৰাত্মাৰেহে
ধৰিব ছুব পাৰে, বুদ্ধিৰে নোৱাৰে; অৰ্থাৎ "প্ৰখৰ বুদ্ধি নাপায়ে আসে
ফিৰে”—এইটো কেল্টিক। প্ৰাচীন ভাৰতীয় কাব্যত এই ভাবটো
সম্যকৰূপে পৰিস্ফুট। অৰ্থ-গৌৰৱত যদিও বাক্য ভৰপুৰ, কিন্তু অৰ্থৰ
মাজতে কবিৰ বক্তব্যৰ অশৰীৰী বস্তুটোৰ ওৰ নপৰে। কাব্যক সম্পূৰ্ণ
ভৰা সোতা কৰিবৰ হলে, সত্য শিল্প সুন্দৰ আৰু ৰসময় কৰিবৰ হলে,
এই তিনিওটা স্মৃতিৰ সঙ্গম আৱশ্যক। য়ুৰোপীয়সকল ভিতৰত ফ্ৰেন্স
সাহিত্যত গ্ৰীক প্ৰতিভাৰ সম্যক পৰিস্ফুৰণ। ফ্ৰেন্স জাতিৰ স্বভাব
লঘু, আৰু ভাব প্ৰকাশ কৰিবৰ ক্ষমতা অতুলনীয়। সেইবাবে ফ্ৰেন্স
ভাষা য়ুৰোপীয়সকলৰ ভিতৰত সন্ধিপত্ৰ আৰু "দলিল দস্তাবিদ্” লেখাত
প্ৰায়ে ব্যৱহাৰ হয়। তাত কেল্টিকসূলভ অটলস্পৰ্শিতা আৰু
ঐন্দ্ৰজালিকতা নাই। অৱশ্যে ভিক্তৰ হুগো আৰু তেওঁৰ পন্থানুবৰ্ত্তী
ফ্ৰেন্স লেখকসকলে এই অভাৱবোৰ অনেক অংশ পূৰণ কৰিবলৈ চেষ্টা
কৰিছে যদিও, তথাপি ইংৰাজীত শেক্সপীয়েৰ, ৱৰ্ডছৱৰ্থ, শ্যেলি, কীটছৰ
কবিতাৰ ভিতৰত যেনেকৈ এটা সুকীয়া বিশেষত্ব প্ৰহেলিকাময় ভঙ্গিমা
পৃষ্ঠা:সভাপতিৰ অভিভাষণ.pdf/৩৭
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩
য়ুৰোপীয় সাহিত্য